ETV Bharat / state

New Education Policy : চলিত শিক্ষাবৰ্ষতে ৰাজ্যত নতুন শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম

চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰাই ৰাজ্যত নতুন শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম । নতুন শিক্ষা নীতিয়ে শিক্ষা ব্যৱস্থাত আমুল পৰিৱৰ্তন আনিব (national education policy 2020) । নতুন শিক্ষা নীতি প্ৰসংগত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তৰ এই মন্তব্য ।

author img

By

Published : Feb 10, 2023, 8:33 PM IST

NEP
NEP
চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰাই ৰাজ্যত নতুন শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : দেশৰ শিক্ষা ব্যৱস্থাত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমূল পৰিৱৰ্তন আনিব (national education policy 2020) । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী নৱম আৰু দশম শ্ৰেণীৰ লগত বিদ্যালয় পৰ্যায়ত সংযুক্ত হ’ব একাদশ আৰু দ্বাদশ শ্ৰেণী । চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰাই ৰাজ্যত নতুন শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (NEP implimented from 2023 in Assam) । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ইয়াৰ কাৰ্যকৰীকৰণ প্ৰসংগত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই এই সম্ভাৱনাৰ কথা ব্যক্ত কৰে (Assam govt education advisor Nanigopal Mahanta) ।

আনহাতে, নতুন শিক্ষা নীতিৰ আধাৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে । ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতি প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা বুলিও প্ৰকাশ কৰে । উল্লেখ্য যে নতুন শিক্ষা নীতি অনুযায়ী মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম । আনহাতে, বিদ্যালয় পৰ্যায়ত নৱম-দশম শ্ৰেণীৰ লগত সংযুক্ত হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম । উল্লেখ্য যে আগন্তুক শিক্ষাবৰ্ষৰ পৰা নাথাকে মেট্ৰিক বুলি কোনো পৰীক্ষা । যাৰ ফলত নাথাকিব কোনো ষ্টেণ্ড বা স্থানৰ ব্যৱস্থাও ।

ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে নতুন শিক্ষা নীতি অনুসৰি মহাবিদ্যালয়ৰ পৰা প্ৰথমে উচ্চতৰ মাধ্যমিক কলা শাখা বিদ্যালয়লৈ নিয়া হ'ব । পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা মহাবিদ্যালয়ৰ পৰা বিদ্যালয়লৈ নিয়া হ'ব । তদুপৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কাৰণে শিক্ষা মন্ত্ৰীৰ নেতৃত্বত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে । আনহাতে, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম কেনেধৰণৰ হ'ব তাৰ বাবে এটা মডেল প্ৰস্তুত কৰা হৈছে ।

ইতিমধ্যে উপাচাৰ্যসকলৰ লগত এই বিষয়ত আলোচনা কৰি এই বছৰৰ পৰাই সেয়া বাস্তৱ ৰূপায়ণৰ চেষ্টা কৰা হৈছে । পাঠ্যক্ৰম যুগুত কৰিবলৈ বিশ্ববিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে । চৰকাৰে ৮০ শতাংশ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । কিন্তু প্ৰয়োজন কথাটো হৈছে কেনেকৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে সেয়া বাস্তৱত ৰূপায়ণ কৰে । প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু শিক্ষকৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক বাজেটত সেয়া দিবলৈ চেষ্টা কৰা হ'ব ।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰাই নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ লক্ষ্য লৈছ চৰকাৰে । লগতে তেওঁ আশা প্ৰকাশ কৰে যে নতুন শিক্ষা নীতিত বিভিন্ন ধৰণৰ নতুন ধাৰণা কিছু আহিব । তাৰ বাবে আন্তঃগাঁথনি তৈয়াৰ কৰি কলেজ-বিশ্ববিদ্যালয়সমূহলৈ বিতৰণ কৰা হৈছে । আনহাতে, পাঠ্যক্ৰম যুগুত কৰি মাৰ্চ-এপ্ৰিলৰ পৰা যথাসম্ভৱ ৰূপায়ণ কৰাৰ চেষ্টা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Strike For OPS : পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.