গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: উত্তৰ পূৰ্বাঞ্চৰ নাগালেণ্ডলৈ সুখবৰ । নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগিতাৰে হোটেল পল’ টাৱাৰ্ছ গ্ৰুপে নাগালেণ্ডত পঞ্চতাৰকাযুক্ত হোটেল স্থাপন কৰিব । অসমৰ চুবুৰীয়া ৰাজ্যখনৰ বাবে এয়া এক ঐতিহাসিক খবৰ ।
এই চুক্তিৰ অধীনত ডিমাপুৰত মল সহিতে এখন পঞ্চতাৰকাযুক্ত হোটেল আৰু কহিমাত এখন পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে । এই প্ৰকল্পৰ অধীনত দুয়োখন হোটেলত ২০০তকৈয়ো অধিক কোঠা আৰু অন্যান্য সা-সুবিধা সংলগ্ন থাকিব বুলি প্ৰকাশ কৰা হয় । এই প্ৰকল্পৰ আনুমানিক প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ পৰিমাণ হৈছে প্ৰায় ১৫০ কোটি টকা ।
সমগ্ৰ প্ৰকল্পটো ৩ৰ পৰা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে । দুয়োটা প্ৰকল্প ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) মডেলৰ আৰ্হিত মুকলি কৰা হ'ব আৰু ইয়াৰ আৰ্হি, নিৰ্মাণ, ব্যৱস্থাপনা, পৰিচালনা, ৰক্ষণাৱেক্ষণ তথা বিনিময়ৰ আধাৰত কৰা হ’ব ।
ডিমাপুৰ প্ৰকল্পত শীৰ্ষস্থানীয় বিলাসী আৱাস, একাধিক খাদ্যৰ স্থান, বিনোদন কেন্দ্ৰ আৰু খুচুৰা বিপণিৰ ব্যৱস্থা থাকিব, যি নিজৰ মাজতেই এক সম্পূৰ্ণ জীৱনশৈলীমূলক গন্তব্যস্থলী হিচাপে পৰিগণিত হৈ পৰিব । আনহাতে, কহিমা প্ৰকল্পই ব্যৱসায়ভিত্তিক আৰু বিনোদনকামী উভয় পৰ্যটককেই সেৱা আগবঢ়োৱাৰ বাবে এক অতুলনীয় ‘বিলাসী হোটেলৰ অভিজ্ঞতা’ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ।
এই যুগান্তকাৰী প্ৰকল্পৰ জৰিয়তে নাগালেণ্ডৰ পৰ্যটন আৰু অৰ্থনৈতিক দৃশ্যপট উন্নীত কৰি দুয়োটা বিভাগক এক নতুন মাত্ৰা প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে ।
এই চুক্তি সন্দৰ্ভত ভাষণ প্ৰদান কৰি হোটেল পল' টাৱাৰ্ছ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সঞ্চালক দেৱল টিব্ৰেৱাল্লাই কয়, ‘‘নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ সুযোগ পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় । এনে পদক্ষেপসমূহে পৰ্যটন খণ্ডক উন্নীত আৰু উৎসাহিত কৰাই নহয়, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো অৰিহণা যোগাব। এই পদক্ষেপে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন প্ৰধান চহৰতে এনে হোটেল থকাৰ আমাৰ আকাংক্ষাক নৱ দিগন্ত প্ৰদান কৰিব বুলি আশা কৰিছোঁ ।’’
নাগালেণ্ডৰ পৰ্যটন বিভাগৰ সঞ্চালক কেডুওচিও এম. ৰিঅ’ই কয়, ‘‘এই চুক্তিখনে নাগালেণ্ডৰ পৰ্যটন খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিব । উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ ক্ষেত্ৰখনত লাভ কৰা গভীৰ অভিজ্ঞতাৰে সৈতে আমি হোটেল পল' টাৱাৰ্ছ গ্ৰুপৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত হৈ আছো । আমি এই অভিলাষী প্ৰকল্পসমূহ সাফল্যমণ্ডিত কৰিবলৈ সকলো প্ৰকাৰৰ সমৰ্থন আগবঢ়াবলৈ আগ্ৰহী ।’’
নতুন গন্তব্যস্থলী সৃষ্টি আৰু ভ্ৰমণকাৰীৰ যতন লোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আতিথ্য গোট হিচাপে হোটেল পল' টাৱাৰ্ছ গ্ৰুপৰ অঞ্চলটোত এক শক্তিশালী উপস্থিতি সদায়ে বিদ্যমান । উচ্চ মানদণ্ডৰ আতিথ্য, ব্যতিক্ৰমী সেৱা প্ৰদান আৰু অতিথিক অনন্য অভিজ্ঞতা প্ৰদান কৰাৰে বাবে হোটেল পল' টাৱাৰ্ছ গ্ৰুপ যথেষ্ট সমাদৃত । বৰ্তমান এই গ্ৰুপটোৰ ৯ খন কাৰ্যক্ষম হোটেল আৰু ৫ খন হোটেল নিৰ্মীয়মান অৱস্থাত আছে ।
নাগালেণ্ডত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে আগবঢ়োৱা অপৰিসীম জ্ঞান আৰু অতুলনীয় পদক্ষেপৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু নাগালেণ্ডৰ পৰ্যটন তথা উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা আলঙৰ ওচৰত কৃতজ্ঞা প্ৰকাশ কৰে হোটেল পল’ টাৱাৰ্ছ গ্ৰুপে ।