গুৱাহাটী, 12 ছেপ্টেম্বৰ : বিটিচিত এতিয়া নিৰ্বাচনী বতৰ ৷ দিন ঘোষণা হোৱা নাই যদিও নিৰ্বাচনৰ বাবে সাজু হৈছে দলসমূহ ৷ বিপিএফ, ইউ পি পি এলকে ধৰি প্ৰায় সকলো প্ৰতিদ্বন্দী দলেই দাবী কৰিছে বিটিচিৰ পৰিষদ গঠনৰ ৷ তাৰ মাজতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰ সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা দলৰ নেতা নৱ কুমাৰ শৰণীয়াই ৷ তেওঁ কয় যে, "বিটিচিৰ নিৰ্বাচন আজিৰ দিনত হ'লে ইউ পি পি এল বা বিপিএফ বিধ্বস্ত হ'ব গণ সুৰক্ষা দলৰ হাতত । বিটিচিত ইউ পি পি এল বহু তললৈ নামি গ'ল । বিপিএফৰ অৱস্থা আগতকৈ কিছু ভাল হৈছে যদিও আমাক পৰাভূত কৰিব নোৱাৰে । বিপিএফ বা ইউ পি পি এলক ৰুধিবলৈ গণ সুৰক্ষা দল সম্পূৰ্ণ ৰূপে সাজু ৷ বিটিচিত যদি চৰকাৰ বনাব নোৱাৰো তেনহ'লে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম ’’ ৷
শনিবাৰে বিটিচিৰ নিৰ্বাচনকলৈ এইদৰে সৰৱ হোৱা দেখা গ'ল কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াক । সাংসদ শৰণীয়াৰ হুংকাৰ, বিটিচিত এইবাৰ কংগ্ৰেছ-বিজেপিৰ ৰণ কৌশলে কামত নিদিয়ে । বিজেপিয়ে কেৱল নিজৰ লাভৰ বাবেহে সকলো কৰি আছে । বিজেপি দল এতিয়া নেতা কিনাত ব্যস্ত । বিটিচিৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নেতাৰ মাজত বাকযুদ্ধ তুংগত উঠিছে ।
সাংসদ শৰণীয়াই ইয়াৰ লগতে কয় যে, গণ সুৰক্ষা দলে অবড়ো লোকৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে । ৰাইজৰ হৈ কাম কৰি অহা বাবেই তেওঁ বিটিচিত দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে । গণ সুৰক্ষা দলেই একমাত্ৰ দল যিয়ে বিটিচিত অবড়ো লোকৰ কথা চিন্তা কৰে । সেয়ে এশ শতাংশই নিৰ্বাচনত জয়ী হ’ব বুলি দৃঢ়তা প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে । এইবাৰৰ নিৰ্বাচনত ৩০ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰিছে নৱ কুমাৰ শৰণীয়াই ৷
আনহাতে, বিটিচিৰ নিযুক্তিৰ ক্ষেত্ৰতো সৰৱ হ'ল সাংসদ শৰণীয়া । বিগত ১৭ বছৰে বিপিএফে মাত্ৰ ২৪০০ নিবনুৱাকহে চাকৰি দিবলৈ সক্ষম হৈছে আৰু সেয়াও এতিয়া বিভিন্ন বিতৰ্কৰ আৱৰ্তত আছে বুলি উল্লেখ কৰে সাংসদজনে । টকা আৰু আঁচনিৰ নামত বিপিএফে ৰাইজক বিভ্ৰান্ত কৰি আহিছে । তাৰোপৰি কংগ্ৰেছৰ দিনত বিপিএফে কেৱল দুৰ্নীতিহে কৰিলে, এতিয়া বিজেপিৰ দিনত নানা কথাৰে ঠগিবলৈ আৰম্ভ কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰে নৱ শৰণীয়াই ৷
উল্লেখ্য যে, বিটিচিত এতিয়া নিৰ্বাচন কেন্দ্ৰিক যুঁজ খন চমকপ্ৰদ হৈ উঠিছে । নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেই বিটিচিত উত্তপ্ত হৈ উঠিছে নিৰ্বাচন কেন্দ্ৰিক সংঘাত। নিৰ্বাচনী অংক মিলোৱাত ব্যস্ত শাসক-বিৰোধী সকলো। তাৰ মাজতেই দুই ম'হৰ যুজঁত বিৰিণাৰ মৰণৰ লেখিয়া অৱস্থা হৈছে বিটিচিৰ নাগৰিকৰ । কিয়নো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিমানেই ঢাক ঢোল নবজাওক কিয় নিৰ্বাচনত জয়ী হৈ অহাৰ পাছত যে সাধাৰণ ভোটাৰ সকলৰ মনৰ অৱস্থা শাসকীয় পক্ষই বুজিব বা বুজিবলৈ চেষ্টা কৰিব সেয়া পূৰ্বৰ নিৰ্বাচন সমূহৰ ফলাফলৰ পাচৰ দিনবোৰলৈ ঘূৰি চালেই অনুমেয় হৈ পৰিব ।
লগতে পঢ়ক : প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ