ETV Bharat / state

মহানগৰীৰ দক্ষিণগাঁও বালিজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু - পৰিয়ালকেন্দ্ৰিক সংঘাত

Mysterious death of a woman: শোৱাপাটীৰ পৰাই নুঠিল কবিতা ৷ স্বামীৰ ডিঙিত আঘাতৰ চিন দেখি বহুতৰে মনত উদয় হৈছে বিভিন্ন প্ৰশ্নৰ ৷

Mysterious death of a woman
বোৱাৰীৰ ৰহস্যজনক মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:14 PM IST

বোৱাৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী, ২৫ ডিচেম্বৰ : মহানগৰীত মৃত্যু আজিকালি তেনেই সুলভ ৷ প্ৰত্যেক দিনাই মহানগৰীৰ বিভিন্ন স্থানত উদ্ধাৰ হ’বলৈ লৈছে মৃতদেহ ৷ মহানগৰীত যেন এতিয়া মৃত্যুৱে সকলোকে হাত বাউল দি মাতে ৷ শেহতীয়াকৈ এগৰাকী বোৱাৰীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত ৷ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ দক্ষিণগাঁও বালিজানত ৷

হত্যাকাণ্ড নে আত্মহত্যা কোনেও একো ধৰিব পৰা নাই ৷ কিন্তু এয়া যে স্বাভাৱিক মৃত্যু নহয়, সেই কথা সকলোৰে মুখে মুখে ৷ মহিলাগৰাকীৰ নাম কবিতা তালুকদাৰ কলিতা ৷ দক্ষিণগাঁও বালিজানত সংঘটিত হৈছে এই ঘটনাটো । স্বামী, এটি সন্তান আৰু শাহুৱেকৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে ৷ মৃত্যুৰ খবৰ পোৱাৰ পিচত বাসগৃহত উপস্থিত হয় মহিলাগৰাকীৰ বহু আত্মীয় ৷ আত্মীয়ই কৰা মন্তব্য অনুসৰি, স্বামীৰ ঘৰৰ কোনেও তেওঁক হাস্পতাললৈ নিয়াৰ কথা এবাৰলৈও কোৱা নাছিল ৷ কোনো চিকিৎসক নহাকৈয়ে মাথো এজন ফাৰ্মাচিষ্টে মৃত বুলি ঘোষণা কৰোতেই তেওঁলোকে দায়িত্ব সামৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি, দুয়োৰে মাজত তৰ্কাকৰ্কি ওচৰ-চুবুৰীয়াই প্ৰায়ে শুনি থাকে ৷ মিউজিক চিষ্টেমৰ ভলিউম বঢ়াই কাজিয়া লগাৰ কথাও জানিবলৈ দিয়ে কাষৰীয়া লোকে ৷ দীৰ্ঘদিনৰ পৰা পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বলি হৈ আছিল বোৱাৰীগৰাকী । সোমাবাৰে পুৱা বোৱাৰীগৰাকীৰ স্বামীয়ে প্ৰথমে শোৱাপাটীত উদ্ধাৰ কৰে পত্নীৰ মৃতদেহ ।

ঘটনাৰ পিচতে মৃত মহিলাগৰাকীৰ স্বামী হিমান কলিতাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে মৃত বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে । মৃত মহিলাগৰাকীৰ মাতৃৰ ঘৰ গণেশগুৰিত । ঘটনাস্থলীত ইতিমধ্যে হাতীগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । মন কৰিবলগীয়া কথা যে, স্বামী হিমান কলিতাৰ দেহতো স্পষ্ট আঘাতৰ চিন চিনাক্ত কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Mysterious death:৭ মহীয়া অন্তঃসত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.