গুৱাহাটী, ৯ মাৰ্চ: মহানগৰীৰ বামুণীমৈদামস্থিত গুটখা আৰু পাণমচলা প্ৰস্তুতকাৰী কোম্পানী DS গ্ৰুপৰ কাৰ্যালয়ত অপৰাধ অনুসন্ধান শাখাৰ তলা (DS group Guwahati office sealed)। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বুধবাৰে কাৰ্যালয়টোত অভিযান চলাই কৰে । অবৈধভাৱে গুটখা, পাণমচলা বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল গুৱাহাটীৰ DS গ্ৰুপৰ কাৰ্য্যালয়ৰটোৰ পৰা ।
গুৱাহাটীৰ বামুনিমৈদামস্থিত ধৰমপাল সত্যপাল লিমিটেডৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ চলাপুৰ MIDC আৰক্ষী থানাত 802/2021 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 328/188/272/273 আৰু 26/(2)(i) 26 (2)(iV) খাদ্য সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন হৈছিল গোচৰ ।
DS group য়ে অসমত প্ৰস্তুত কৰা গুটখা, পানমচলাসমূহ অবৈধভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ অপৰাধত ৰুজু হৈছিল গোচৰ । এই গোচৰৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাই বামুণীমৈদামৰ DS Group ৰ কাৰ্য্যালয়ত অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে মুখ্য কাৰ্যালয়টো ছীল কৰে ।
লগতে পঢ়ক: যুদ্ধভূমিৰ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা কৰিলে অসমৰ সাই স্বপ্নীলে