গুৱাহাটী,30আগষ্টঃ শুকুৰবাৰে গুৱাহাটীৰ এক সংবাদমেলত দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কংগ্ৰেছ দলৰ দুৰ্নীতি দায়ী বুলি কৰা মন্তব্যৰ পিছত শনিবাৰে নগাঁও সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উভতি ধৰে বিত্তমন্ত্ৰীগৰাকীক। ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত নগাঁৱৰ সাংসদ গৰাকীয়ে কয়,
'' নিৰ্মলা সীতাৰমনে দেশৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰতে উন্নত বুলি কৈছিল, যিটো সম্পূৰ্ণৰূপে এটা মিছা কথা। লগতে বিত্তমন্ত্ৰীগৰাকী মিছা কথা কোৱাত পাকৈত বুলি নিৰ্মলা সীতাৰমনক আক্ৰমণ কৰি বৰদলৈয়ে কয় ১৯৫১ চনৰ পিছত দেশৰ অৰ্থনীতি এপদ এপদকৈ বৃদ্ধি হৈছিল কিন্তু যোৱা দুটা বছৰত ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে। ''
কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক উভতি ধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে
ইপিনে বিজেপি চৰকাৰৰ দিনত ভাৰতৰ অৰ্থনৈতিক নিম্নগামী হোৱাৰ ফলতে দেশৰ অৰ্থনীতি সংকটত পৰিছে বুলি কয় সাংসদগৰাকীয়ে। ইয়াৰোপৰি ভাৰতৰ অৰ্থনৈতিক কামকাজ যদি বৃদ্ধি কৰা নহয় তেন্তে ভাৰতৰ অৰ্থনীতি অধিক সংকটত পৰিব বুলিও কয় প্ৰদ্যুৎ বৰদলৈয়ে।
আনহাতে সংবাদমেলত দেশৰ লাখ লাখ মানুহে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা চাকৰি হেৰুওৱা প্ৰসংগ উত্থাপন কৰি ইয়াৰ কাৰণ কি বুলি অভিহিত কৰিব বুলি বিত্তমন্ত্ৰী গৰাকীক প্ৰশ্ন কৰে নগাঁৱৰ সাংসদ গৰাকীয়ে ।