ETV Bharat / state

ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে ৰখাৰ প্ৰস্তাৱ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 8:05 PM IST

ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে নামকৰণৰ আহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ বৃহস্পতিবাৰে সাংসদ মাৰ্ঘেৰিটাই উচ্চ সদনত কয় যে বিমান বন্দৰটোৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে ৰাখি অসমীয়া জাতিৰ পিতৃপুৰুষজনাক সন্মান প্ৰদান কৰা হওক ৷

dibrugarh airport Rename
ৰাজ্যসভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

ৰাজ্যসভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, ১৪ ডিচেম্বৰ : উজনি অসমৰ অন্যতম বিমান বন্দৰ ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে নামকৰণৰ বাবে দেশৰ উচ্চ সংসদত প্ৰস্তাৱ ৷ ৰাজ্যসভাত বৃহস্পতিবাৰে এই প্ৰস্তাৱ আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।

এই প্ৰসংগত সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘ সংসদত আজি মোৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন । প্ৰথমবাৰৰ বাবে সংসদত আলোচিত হ’ল বৰ অসমৰ খনিকৰ চাওলুং ছ্যু-কা-ফাৰ শৌৰ্য-বীৰ্য-প্ৰজ্ঞাৰ কথা । আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ কথা । বিৰোধীৰ প্ৰচণ্ড হূলস্থুলৰ মাজতে মোক কৈ যাবলৈ সুযোগ দিয়া হ’ল । ৰাজ্যসভাত পুৱা এঘাৰ বজাৰ পৰা বিয়লি চাৰি বজালৈকে কেৱল মইহে ক’বলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্য । সি যি কি নহওক মোৰ প্ৰস্তাৱটো হ’ল ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে ৰাখি অসমীয়া জাতিৰ পিতৃপুৰুষজনাক সন্মান প্ৰদান কৰা হওক ।”

ডিব্ৰুগড় বিমানবন্দৰৰ নামকৰণ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যসভাত প্ৰদান কৰা ভাষণত কয় যে চাওলুং ছ্যু-কা-ফাৰ গৌৰৱগাথা আছিল মহামতি সম্ৰাট অশোক আৰু চন্দগুপ্ত মৌৰ্যৰ সমপৰ্যায়ৰ ৷ ত্ৰয়োদশ শতিকাতে চাউলুং চ্যুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । উক্ত সাম্ৰাজ্যই সাম্প্ৰতিক ভাৰতৰ উত্তৰ-পূব প্ৰান্তক এসময়ত ৬০০ বছৰ ধৰি শাসন চলাইছিল ৷

যিসময়ত এই ভাৰতভূমিত লুণ্ঠনকাৰী চুলতান আৰু বাদশ্বাহসকলে উত্তৰ দিশে এখনৰ পিছত আনখন চহৰ আৰু এখনৰ পিছত আনখন গাঁও ধ্বংসস্তুপত পৰিণত কৰিছিল, তেনে সময়তে ছ্যু-কা-ফাৰ স্থানীয় শাসক আৰু জনগোষ্ঠীসমূহৰ মাজত সম্পৰ্ক স্থাপনেৰে সম্প্ৰীতি আৰু সমিলমিলৰ নীতি আকোঁৱালি লৈছিল ৷

ছ্যু-কা-ফাই তেওঁৰ অসীম শক্তি আৰু সামৰিক সামৰ্থক নিজ সাম্ৰাজ্য বিস্তাৰৰ বাবে ব্যৱহাৰ কৰা নাছিল ৷ বৰং মৰাণ, বৰাহী আৰু নগাৰ দৰে স্থানীয় জনগোষ্ঠীৰ সৈতে তেওঁ স্থাপন কৰিছিল আন্তৰিক সম্পৰ্ক ৷ তেওঁৰ এই অনন্য পদক্ষেপেই পৰৱৰ্তী সময়ত মহান অসমীয়া জাতিৰ পৰিচয়ক গঢ় দিয়ে বুলিও লগতে ৰাজ্যসভাত চাওলুং ছ্যু-কা-ফাৰ বিষয়ে বিৱৰণ দাঙি ধৰে ৷

ইয়াৰোপৰি ভাৰতবৰ্ষৰ সিংহভাগ অঞ্চল অধিকাৰ কৰা মোগলসকলকো আহোমে ১৭ বাৰকৈ পৰাভূত কৰিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰে মাৰ্ঘেৰিটাই ৷ ছ্যু-কা-ফা আৰু আহোম ৰাজত্বৰ অসমীয়া জনজীৱনলৈ অৱদানৰ বিষয়ে সদনক অৱগত কৰি অসমৰ ডিব্ৰুগড় বিমানবন্দৰটোক চাওলুং ছ্যু-কা-ফা বিমান বন্দৰ হিচাবে নামাকৰণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় ৷

এই প্ৰসংগত যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে অসামৰিক পৰিবহন মন্ত্ৰণালয়ৰ মন্ত্ৰীক আবেদন জনায় ৰাজ্যসভাৰ বিজেপি সাংসদ মাৰ্ঘেৰিটাৰ ৷ কেন্দ্ৰই যদি সাংসদ মাৰ্ঘেৰিটাৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : MP Pabitra Margherita : অসম মিঞাৰ ওপৰত নিৰ্ভৰশীল নাছিল আৰু কেতিয়াও নহয়; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.