ETV Bharat / state

Loksabha Election 2024: বিৰোধী মিত্ৰজোঁটলৈ কিয় শুভেচ্ছা জনালে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই - সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ INDIA গোটৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ প্ৰতিটো দলকে সমালোচনা সাংসদগৰাকীৰ ৷ 11 টা সমষ্টিতে জয় লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰে বিজেপি সাংসদগৰাকীয়ে ৷

Loksabha Election 2024
বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:14 PM IST

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, 7 নৱেম্বৰ: ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে আক্ৰমণাত্মক হৈ পৰে বিৰোধী মিত্ৰ INDIA ৰ বিৰুদ্ধে ৷ বিৰোধী ঐক্যৰ 15 টা দলৰ সংজ্ঞা ভাঙি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বিৰোধী ঐক্যত নামতহে 15 টা দল আছে । লগতে, কংগ্ৰেছকে ধৰি ৰাইজে তিনিটামানহে ৰাজনৈতিক দলৰ বিষয়ে অৱগত বুলিও কয় সাংসদগৰাকীয়ে ।

ইয়াৰোপৰি, কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে হোটেল লিলিত মিলিত হৈছিল বুলি উল্লেখ কৰি এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই বুলি কয় ৷ নিৰ্বাচন আহিলে বিৰোধী দলবোৰে ৰাইজক দেখুৱাবলৈ হোটেল লিলিত মিলিত হয় বুলি উল্লেখ কৰি জাতীয় দলক তীব্ৰ সমালোচনা কৰি সেইটো সাংসদ অজিত ভূঞাৰ এটা স্বেচ্ছাসেৱী সংস্থা বুলি কটাক্ষ কৰে ।

লগতে, অসম জাতীয় পৰিষদৰ যাত্ৰা কাৰ্যসূচীক সমালোচনা কৰি উক্ত যাত্ৰাত মাত্ৰ 80 জন লোকেহে অংশগ্ৰহণ কৰিছিল বুলি কয় । সাংসদগৰাকীয়ে কয়, "ৰাইজৰ দলত অখিল গগৈৰ বাহিৰে কোনো নাই । আপৰ কোন সভাপতি অসমত কোনেও নাজানে । কমল মেধিকে ধৰি যিসকলক ৰাইজে চিনি পাইছিল তেওঁলোক ইতিমধ্যে দলটোৰ পৰা ওলাই আহিলে। TMC ৰিপুন বৰাতে আৰম্ভ, ৰিপুন বৰাতেই শেষ । RJD, JDU, NCP ৰ সভাপতি-সম্পাদক কোন ৰাইজে আজিও নাজানে । গতিকে হোটেল লিলিত ভূপেন বৰাই কবিতাৰ সোৱাদ পাইছে, সেয়েহে তালৈ গৈছে ।"

আনহাতে, গৌৰৱ গগৈ যি সমষ্টিৰ পৰাই নিৰ্বাচন খেলে খেলক, জয়লাভৰ আশা নাই বুলি কংগ্ৰেছ সাংসদগৰাকীক সমালোচনা কৰি লোকসভা নিৰ্বাচনত বিজেপিয়ে 11 টা সমষ্টিতে জয় লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰে ৷ লগতে, বাকী তিনিখনৰ বাবেও চেষ্ঠা অব্যাহত আছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে ।

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মংগলবাৰৰ দিনটোত কেবাখনো বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিজেপিৰ সাংগঠনিক আৰু উন্নয়নৰ দিশ সন্দৰ্ভত আলোচনা কৰা হয় ।

লগতে পঢ়ক: MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.