গুৱাহাটী, 25 মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিজেপি চৰকাৰে একনায়কত্ববাদী আৰু স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ উত্থান কৰিছে কংগ্ৰেছ দলে ৷ সমান্তৰালভাৱে ন্যায়পালিকাই পক্ষপাতিত্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই (Rahul Gandhi disqualified from parliament) ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল সম্বোধন বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (MP Pabitra Margherita) ৷ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘বিগত 10 বছৰত 10 গৰাকী সাংসদৰ পদ খাৰিজ হৈছে ৷ তেতিয়া ৰাহুল গান্ধীৰ কংগ্ৰেছ দল ক’ত গৈছিল ? বিগত সময়ত বিজেপি দলৰো এনেকুৱা মন্তব্যৰ বাৱে বিধায়ক পদ খাৰিজ কৰা হৈছে (Pabitra Margherita on Rahul Gandhi) ৷’’
সংসদৰ নীতি-নিয়মতকৈয়ো গান্ধী পৰিয়ালে নিজকে উৰ্ধত বুলি ভাবে বুলিও সংবাদমেলত মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কংগ্ৰেছ দলে সমাজক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ OBC সমাজক কৰা অপমানৰ বাবেহে ৰাহুল গান্ধীক শাস্তি প্ৰদান কৰা হৈছে বুলি উল্লেখ ৰাজ্যসভাৰ সাংসদগৰাকীৰ (Rahul Gandhi defamation case) ৷
যিটো দলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সৰু সৰু ৰাজ্য বুলি গণ্য কৰে আৰু যিটো দলে উত্তৰ-পূবৰ মানুহক দমন কৰি ৰাখিব বিচাৰে তেনে এটা দলক অসম বিজেপিয়ে গুৰুত্ব প্ৰদান নকৰে বুলিও সংবাদমেলত উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই (Surat court verdict on Rahul Gandhi) ৷ আনহাতে, ন্যায়পালিকাৰ নিয়ম গান্ধী পৰিয়ালৰ বাবে বেলেগ হ’ব নোৱাৰে বুলিও মন্তব্য সাংসদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিবগৰাকীৰ ৷
উল্লেখ্য যে, মোডী সম্প্ৰদায়ক লৈ এক বিতৰ্কিত তথা অপমানজনক মন্তব্য কৰাৰ বাবে দোষী সাব্যস্ত হয় ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীক গুজৰাটৰ চূৰাট আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ বাবে কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷ লগতে সাংসদ পদো খাৰিজ কৰা হয় ৰাহুল গান্ধীৰ ৷ ইয়াৰে লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছে ৷
লগতে পঢ়ক: Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া