ETV Bharat / state

ড৹ হীৰেন গোহাঁইৰ বাওঁপন্থাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই: পবিত্ৰ মাৰ্ঘেৰিটা - ULFA Peace treaty

ULFA Peace Accord : বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁইৰ পাণ্ডিত্যক সদায় সন্মান জনাওঁ বুলি উল্লেখ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে তেওঁৰ বাওঁপন্থাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই ৷ আলফা-চৰকাৰৰ শান্তি চুক্তিৰ সন্দৰ্ভত ড৹ গোহাঁইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় সাংসদগৰাকীয়ে ৷

ULFA Peace Accord
ড৹ হীৰেন গোঁহাইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:27 PM IST

ড৹ হীৰেন গোঁহাইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

গুৱাহাটী,৩০ ডিচেম্বৰ: শুকুৰবাৰে স্বাক্ষৰিত হ’ল বহু প্ৰত্যাশিত আলফা-চৰকাৰৰ শান্তি চুক্তি ৷ চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ ভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৷ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁয়ে উক্ত চুক্তিখনৰ জৰিয়তে অসমবাসীয়ে বিশেষ একো লাভ নকৰিলে বুলি মন্তব্য কৰাৰ লগতে কয় যে এইখন এখন আত্মসমৰ্পনৰ দলিল ৷ ড৹ গোহাঁইৰ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৷

বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘ তেখেতৰ ইংৰাজী সাহিত্য, পাণ্ডিত্য, শংকৰী সংস্কৃতি, অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ গভীৰ অধ্যয়ন আমি কঢ়িয়াই লৈ ফুৰিছোঁ, সদায় আমি শ্ৰদ্ধা জনাওঁ ৷ কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ বাওঁপন্থাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই ৷’’

শনিবাৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই হেঙেৰাবাৰীস্থিত বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আলফা-চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনায় । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । তেওঁ কয় যে এই শান্তি চুক্তিত সকলো দিশ সামৰি লোৱা হৈছে । এই চুক্তিৰ পৰা ক্ৰীড়া, আন্তঃগাঁঠনিৰ উন্নয়ন, বাণিজ্য ক্ষেত্ৰৰ উন্নয়নকে ধৰি বিভিন্ন স্তৰত অসমে সুবিধা পাব ।

সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত সকলো দিশৰ পৰাই শান্তি ঘূৰি আহিছে । বিজেপি শাসনলৈ অহাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত সকলো দিশৰ পৰাই শান্তি-উন্নয়ন হোৱা দেখা পোৱা গৈছে । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, বিৰোধী হিচাবে গৌৰৱ গগৈয়ে আলফাৰ শান্তি চুক্তি সন্দৰ্ভত কিবা ক’ব লাগে বাবেই কিবা এটা কৈছে । কিন্তু গৌৰৱ গগৈয়েও অন্তৰৰে আদৰণি জনাইছে আলফা-চৰকাৰৰ শান্তি চুক্তিক ।

ইয়াৰোপৰি তেওঁ কয় যে এয়া মাত্ৰ আৰম্ভণিহে । যিসকল এতিয়াও চুক্তিখনক লৈ সন্তুষ্ট নহয়, খুব কম দিনতে তেওঁলোকো ঘূৰি আহিব । তেওঁলোকৰ বাবেও আলোচনাৰ দুৱাৰ সদায় খোলা আছে ।

লগতে পঢ়ক: আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে : ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.