ETV Bharat / state

ST certificate controversy: জনজাতিৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ হ’ব সাংসদ শৰণীয়াৰ

author img

By

Published : Dec 24, 2022, 5:55 PM IST

লোকসভা নিৰ্বাচনত নৱ শৰণীয়াই দাখিল কৰা শপতনামাত নিজকে বড়ো-কছাৰী অনুসূচীত জনজাতি বুলি প্ৰমাণপত্ৰ দাখিল কৰি আহিছে (MP Naba Sarania) ৷ ২০১৯ চনৰ জুনত সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি অভিযোগ উত্থাপন কৰি এগৰাকী প্ৰাক্তন কৰ বিষয়াই ৰাজ্যিক পৰ্যায়ৰ পুনৰীক্ষণ কমিটীক অভিযোগ দাখিল কৰিছিল ৷

Naba Saranias caste certificate controversy
কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া

গুৱাহাটী, ২৪ ডিচেম্বৰ: পুনৰ বিতৰ্কৰ আৱৰ্তলৈ আহিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰৰ প্ৰসংগ (MP Naba Saranias caste certificate controversy) ৷ সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে যে সাংসদ শৰণীয়াৰ অনুসূচীত জনজাতিৰ প্ৰমাণপত্ৰখন ভুৱা ৷ সাংসদ শৰণীয়াৰ এই জাতিগত প্ৰমাণপত্ৰ পুনৰৰীক্ষণ কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (High Court orders reverification of caste certificates) ৷

উল্লেখ্য় যে লোকসভা নিৰ্বাচনত নৱ শৰণীয়াই দাখিল কৰা শপতনামাত নিজকে বড়ো-কছাৰী অনুসূচীত জনজাতি বুলি প্ৰমাণপত্ৰ দাখিল কৰি আহিছে ৷ সাংসদগৰাকীৰ এই জাতিগত প্ৰমাণপত্ৰখন ভুৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জনকলাল বসুমতাৰীয়ে ৷ প্ৰাক্তন কৰ বিষয়াগৰাকীয়ে ২০১৯ চনৰ জুনত সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰমাণপত্ৰখন বাতিল কৰিবৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পুনৰীক্ষণ কমিটীৰ ওচৰত দাবী জনাই অভিযোগ দাখিল কৰিছিল ৷

নিয়ম অনুসৰি এনে অভিযোগ দাখিলৰ ৬ মাহৰ ভিতৰত কমিটীয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগে ৷ কিন্তু যোৱা ৩ বছৰে কোনো ধৰণৰ প্ৰতিবেদনেই দাখিল নকৰিলে ৰাজ্যিক পৰ্যায়ৰ পুনৰীক্ষণ কমিটীয়ে ৷ সেয়েহে নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰৰ পুনৰীক্ষণ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় জনকলাল বসুমতাৰী ৷ শেহতীয়াভাৱে বসুমতাৰীৰ অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে ৷ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে পুনৰীক্ষণ কমিটীক দুমাহৰ ভিতৰত সাংসদ নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰৰ পুনৰীক্ষণ কৰাৰ নিৰ্দেশ দিছে ৷ স্বাভাৱিকতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ দেশজুৰি ৰাজনৈতিক তৎপৰতা আৰম্ভ হোৱাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা শৰণীয়াৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ মানসিক চাপ ৰূপে বিবেচিত হৈছে ৷

লগতে পঢ়ক:Kejriwal in Vipassana meditation: ধ্যানত বহিব কেজৰিৱাল, ছিছোডিয়াই চলাব চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.