ETV Bharat / state

MP Gaurav Gogoi in Guwahati :দুৰ্নীতি কৰা‌ মানুহক বিজেপিয়ে আঁকোৱালি লয়; সাংসদ গৌৰৱ‌ গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:28 PM IST

কাৰ্বি আংলঙৰ ৰাইজ মুখ্যমন্ত্ৰীৰ বিশেষ এটিএম বুলি সাংসদ গৌৰৱ‌ গগৈৰ অভিযোগ ৷ এটিএমৰ যেনেদৰে বেলেগ বেলেগ ব্ৰাঞ্চ থাকে, কাৰ্বি আংলঙো এতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ ব্ৰাঞ্চ বুলি কয় সাংসদগৰাকীয়ে ৷

MP Gaurav Gogoi Slams CM Himanta Biswa Sarma
সাংসদ গৌৰৱ‌ গগৈ
মুখ্যমন্ত্ৰীক সমালোচনা সাংসদ গৌৰৱ‌ গগৈৰ

গুৱাহাটী, ৫ অক্টোবৰ : অসমৰ ৰাইজ যেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এ টি এম হৈ পৰিছে, তেনেদৰে কাৰ্বি আংলঙৰ ৰাইজো মুখ্যমন্ত্ৰীৰ বিশেষ এটিএম বুলি সাংসদ গৌৰৱ‌ গগৈয়ে অভিযোগ কৰিছে ৷ গুৱাহাটীত বৃহস্পতিবাৰে কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচীত‌ অংশ লৈ সাংসদ গৌৰৱ‌ গগৈয়ে এই অভিযোগ কৰি কয় যে, ইয়াৰ পূৰ্বে কোনো এখন ৰাজ্য চৰকাৰে এনেদৰে কাৰ্বি আংলঙৰ টকা লোৱা নাছিল ৷ সাংসদগৰাকীয়ে কয় যে, এটিএমৰ যেনেদৰে বেলেগ বেলেগ ব্ৰাঞ্চ থাকে, কাৰ্বি আংলঙো এতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ ব্ৰাঞ্চ ৷

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ যুগল বন্দী হোৱাৰ পিছত এনেদৰে লেন-দেন হৈছে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত অঞ্চলত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আছে ৷ এই সন্দৰ্ভত বিৰোধী দল বিশেষকৈ কংগ্ৰেছ দল সৰৱ হৈ আহিছে ৷ কংগ্ৰেছৰ অভিযোগ‌ মতে মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ত শাসিত অঞ্চলত ব্যাপক দুৰ্নীতি কৰি আছে ৷

লগতে পঢ়ক : Upcoming assembly polls : শীঘ্ৰেই ঘোষণা হোৱাৰ সম্ভাৱনা ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ

মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন সাহাৰ্য পুঁজিৰ নামত আৱণ্টন হোৱা ১০০ কোটি টকাৰ কাম-কাজ মাথোঁ তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ মাজতে চৰকাৰী নিয়ম আৰু পদ্ধতি অৱজ্ঞা কৰি বিতৰণ কৰা হৈছে বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছ ৷ গৌৰৱ‌ গগৈয়ে কয় যে দেশৰ গৃহমন্ত্ৰীৰ লগতো তুলিৰামৰ ঘনিষ্ঠতা আছে ৷ কেৱল ভাল মানুহকহে বিজেপিয়ে আঁতৰাই দিয়ে ৷ দুৰ্নীতি কৰা‌ মানুহক আঁকোৱালি লয় বুলি কয় কংগ্ৰেছ নেতাজনে ৷

লগতে পঢ়ক : AAP holds Protest outside BJP office: সঞ্জয় সিঙৰ মুক্তিৰ দাবীত বিজেপিৰ কাৰ্যালয়ত আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.