ETV Bharat / state

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ । বৰগোহাঞিৰ মৃত্যুত পুত্ৰ অনিন্দ্ৰ বৰগোহাঁই, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট শিল্পী-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ব্যক্ত কৰে নিজ প্ৰতিক্ৰিয়া ।

author img

By

Published : May 12, 2021, 12:31 PM IST

mourning for homen borgohain death
হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

গুৱাহাটী,12 মে’ : বিশিষ্ট সাহিত্যিক তথা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য । বুধবাৰে পুৱা 6.58 বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যিকগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ হাস্পতাল চৌহদত সমাগম হয় অগনণ গুণমুগ্ধৰ ।

জিএনআৰচিৰ পৰা তেওঁৰ নশ্বৰ দেহ প্ৰথমে হেঙেৰাবাৰীস্থিত বাসগৃহলৈ নিয়া হয় । তাৰ পাচত কলাক্ষেত্ৰকে ধৰি নিয়মীয়া বাৰ্তা, আমাৰ অসম, অসমীয়া প্ৰতিদিন আৰু অসম সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

পৰিয়ালৰ লোকে জনোৱা মতে, নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব । সংবাদ মাধ্যমৰ আগত পুত্ৰ অনিন্দ্ৰ বৰগোহাঁই, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট শিল্পী-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ সাহিত্য জগতৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে একঅপূৰণীয় ক্ষতি । ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত সম্পন্ন কৰা হ’ব বিশিষ্ট সাহিত্যিকগৰাকীৰ ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.