ETV Bharat / state

সম্পত্তিৰ বাবেই শাহুৱেকক ঘৰৰ পৰা খেদিলে বোৱাৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:46 PM IST

বোৱাৰীয়েকৰ অত‍্যাচাৰৰ বলি গোলাঘাটৰ এগৰাকী বৃদ্ধা মহিলা । দুটা বছৰ ধৰি মহানগৰীৰ বনফুল নগৰৰ ভাড়াঘৰত আছে এগৰাকী বৃদ্ধা মহিলা । ৰীনা ফুকন নামৰ বৃদ্ধা মহিলাগৰাকীক অত‍্যাচাৰ চলোৱাৰ অভিযোগ বোৱাৰীয়েকৰ বিৰুদ্ধে ।

Mother-in-law tortured by daughter-in-law for property
সম্পত্তিৰ বাবেই শাহুয়েকক ঘৰৰ পৰা খেদিলে বোৱাৰীয়ে

গুৱাহাটী,১২ ডিচেম্বৰ: সমগ্ৰ অসমৰ ভূমি কেলেংকাৰী, ভূমি বেদখল, কু-অভিপ্ৰায়েৰে ভূমি হস্তগত কৰা আদিৰ বিৰুদ্ধে আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সৰৱ হোৱা দেখা গৈছে । এনে সময়তে গোলাঘাটৰ এগৰাকী বৃদ্ধাক মাটি-সম্পত্তিৰ লালসাত বোৱাৰীকে ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

গোলাঘাট নগৰৰ মিছন পট্টীৰ প্ৰয়াত অৰুণ ফুকন নামৰ এগৰাকী ব্যক্তিৰ বৃদ্ধা পত্নী ৰীনা ফুকনৰ কৰুণ কাহিনীয়ে শেহতীয়াকৈ সচেতন মহলক ভাবিবলৈ বাধ্য কৰি তুলিছে । ৰীনা ফুকনৰ স্বামী আৰু বৰপুত্ৰ ২০২১ বৰ্ষত ক'ভিডত মৃত্যু হোৱা পিছৰে পৰা তেওঁৰ বোৱাৰীয়ে নানা প্ৰকাৰে অত্যাচাৰ কৰি অহাৰ অভিযোগ বৃদ্ধাগৰাকীৰ । লগতে দুষ্ট চক্ৰৰে মিলি গভীৰ ষড়যন্ত্ৰ কৰি ৰীনা ফুকণক নিজ গৃহৰ পৰা খেদি দিয়াৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে ।

বৰ্তমান গুৱাহাটীত ভাড়াঘৰ লৈ দিন অতিবাহিত কৰিব লগা হোৱা বৃদ্ধাগৰাকীৰ অভিযোগ অনুসৰি ২০২১ বৰ্ষৰ ৮ ডিচেম্বৰত বোৱাৰীয়েক লগত একাংশ সাংগো-পাংগো লৈ তেতিয়াৰ গোলাঘাটৰ এ ডি চি গৌৰীপ্রিয়া দেউৰীৰ কাৰ্যালয়ৰ কোঠাত শাহু ৰীনা ফুকণক বিয়লি ২ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ আবদ্ধ কৰি ৰাখে । লগতে এখন উকা কাগজত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ।

আনহাতে উক্ত দিনাই এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰি গোলাঘাটৰ বেঙেনা খোৱাত অৱস্থিত বৃদ্ধাৰ আন এক সম্পত্তি জোৰ কৰি তিনিভাগ কৰা হয় । যি মাটি-সম্পত্তি অজিত গগৈ নামৰ এজন কাঠৰ ব্যৱসায়ীক ভাড়াতীয়া হিচাপে ভাড়াত দিয়া হৈছিল । ৰীনা ফুকনে বহুবাৰ অজিত গগৈক সেই মাটি খালী কৰিবলৈ বাৰম্বাৰ কৈ আহিছে যদিও অজিত গগৈ নামৰ কাঠৰ ব্যৱসায়ীজনে বৃদ্ধাৰ মাটি খালি কৰি দিয়া নাই বুলি জানিবলৈ দিয়ে ।

মাটি খালী কৰাৰ পৰিৱৰ্তে অজিত গগৈয়ে বৃদ্ধাগৰাকীৰ বোৱাৰীৰ লগত ষড়যন্ত্ৰত লিপ্ত হয় । বৃদ্ধা ৰীনা ফুকনে কয় যে যেতিয়াই তেওঁ নিজা ঘৰলৈ যায় তেতিয়াই বোৱাৰী মনালিছা বৰাই অশ্লীল গালি-গালাজ পৰাৰ উপৰি বৃদ্ধা শাহুক দেগাৰেৰে হানি-খুচি হত্যা কৰিবলৈ উদ্যত হয় বুলি অভিযোগ উত্থাপন হৈছে । আনহাতে কনিষ্ঠপুত্ৰ পল্লভ ফুকনক ঘৰলৈ গ'লে বোৱাৰীয়েকে বেলেগ গোচৰত ফচোৱাৰ ভাবুকি প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ থানা জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰোৱা হৈছে যদিও এই পৰ্যন্ত ৰহস্যজনকভাৱে আৰক্ষী তথা জিলা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে । সেয়ে সচেতন মহলৰ মনত প্ৰশ্ন উদয় হৈছে যে মাটিৰ লালসাত থকাসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰৱ হোৱাৰ পিছতো তথা মুখ্যমন্ত্ৰীৰ সু-পদক্ষেপৰ পিছতো কিয় এগৰাকী সত্তৰোৰ্দ্ধৰ বৃদ্ধা বিধবা মহিলাক জিলা প্ৰশাসন তথা গোলাঘাট আৰক্ষীয়ে ৰহস্যজনক ভাবে সু-ব্যৱস্থা গ্ৰহণত অৱহেলা কৰিছে সেয়া এক চিন্তাৰ বিষয় ।

লগতে পঢ়ক: RTI ৰ তথ্য বিচৰাৰ বাবেই এঘৰীয়া হ’ল যোৰহাটৰ নিৰঞ্জন বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.