ETV Bharat / state

Sales of Liquor in Assam: অসমত প্ৰতিদিনে বিক্ৰী হয় ৫ লাখ লিটাৰতকৈও অধিক সুৰা - Sales of Liquor in Assam

চৰকাৰে সুৰাৰ যোগেদি দৈনিক সংগ্ৰহ কৰে ১০.৮৫ কোটি টকাৰ ৰাজহ । ৰাজ্যত এদিনতে বিক্রী হয় ৩,০৬,৭৭২ লিটাৰ বিলাতী সুৰা, ১,৬৬,৫৮৯ লিটাৰ বিয়েৰ আৰু ৫৭,৮১৮ লিটাৰ দেশীয় সুৰা । সুৰাপায়ীৰ ওপৰতে যেন এতিয়া নিৰ্ভৰ কৰিছে ৰাজ্যৰ অৰ্থনীতি ।

অসমত প্ৰতিদিনে বিক্ৰী হয় ৫ লাখ লিটাৰতকৈও অধিক সুৰা
Sales of Liquor in Assam
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 2:08 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : অসমত দৈনিক ৫.৩১ লাখ লিটাৰ সুৰা পান কৰে সুৰাপায়ীয়ে । শুনি আচৰিত যেন লাগিলেও এই কথা সঁচা । এইখন অসমতে দৈনিক ৫.৩১ লাখ লিটাৰ সুৰা বিক্ৰী হয় । আনহাতে, সুৰাৰ পৰা চৰকাৰে দৈনিক ১০.৮৫ কোটি টকাৰ ৰাজহ লাভ কৰে । অৰ্থাৎ সুৰাৰ বিনিময়ত বছৰি ৰাজকোষলৈ আহে প্ৰায় চাৰি হাজাৰ কোটি টকা । তেনেস্থলত চৰকাৰে অসমত সুৰাৰ দোকান বৃদ্ধি কৰিব বিচৰাটো স্বাভাৱিক কথা । কাৰণ সুৰাৰ যোগেদি চৰকাৰখনে লাভ কৰিছে বুজন পৰিমাণৰ ৰাজহ ।

সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি পালে বিক্ৰী বৃদ্ধি হ'ব আৰু ৰাজহৰ পৰিমাণো বৃদ্ধি পাব । যাৰ বাবে চৰকাৰে গাঁৱে-ভূঞে সুৰাৰ বিপণী খোলাৰ যো-জা চলাইছে, যাতে সুৰাপায়ীয়ে বিচাৰিলেই পাব পাৰে সুৰা । এক কথাত ক'বলৈ গ'লে সুৰাপায়ীৰ ওপৰতে এতিয়া কাৰ্যত নিৰ্ভৰ কৰিছে ৰাজ্যৰ অৰ্থনীতি । চৰকাৰী তথ্য মতে, অসমত দৈনিক বিক্রী হয় ৩,০৬,৭৭২ বাল্ক লিটাৰ বিলাতী সুৰা (আই এম এফ এল) ।

আনহাতে, বিয়েৰ বিক্ৰী হয় ১,৬৬,৫৮৯ বাল্ক লিটাৰ । সেইদৰে দেশীয় সুৰা বিক্ৰী হয় ৫৭,৮১৮ বাল্ক লিটাৰ । ইয়াৰ পৰা চৰকাৰে দৈনিক আহৰণ কৰে ১০.৮৫ কোটি টকা । ইফালে বৰ্তমান অসমত ১,৬৮৪ খন সুৰাৰ দোকান আৰু ৮৯৬ খন বাৰ আছে । ইয়াৰ পিছতো কিন্তু চুবুৰীয়া ৰাজ্যৰ পৰা অবৈধভাৱে অসমলৈ দৈনিক বুজন পৰিমাণৰ সুৰা আহে ।

লক্ষণীয় বিষয় যে, ৰাজ্যখনৰ সীমান্ত অঞ্চলত আৰু নতুনকৈ গঢ় লৈ উঠা চহৰ-নগৰত নতুনকৈ সুৰাৰ বিপণী খোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি, নগৰাঞ্চলৰ হোটেল-ৰেস্তোৰাঁ আদিত আবেদন আৰু প্ৰয়োজন অনুসৰি আই এম এফ এল অন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থাও চৰকাৰে অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে সুৰাৰ প্ৰচলন বন্ধ কৰাৰ বাবে দাবী জনোৱাৰ পাছতো চৰকাৰে নতুন নতুন ৱাইন শ্বপৰহে অনুজ্ঞাপত্ৰ দিছে । ইয়াৰ অৰ্থ অপ্রিয় হ'লেও সত্য যে আবকাৰী ৰাজহৰ ওপৰত নিৰ্ভৰ কৰি যেন চলি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । দৈনিক ১০.৮৫ কোটি টকাকৈ আবকাৰী ৰাজহ সংগ্ৰহ লাভ কৰাৰ বাবে চৰকাৰে এতিয়া সীমান্ত অঞ্চল আৰু নতুনকৈ গঢ় লৈ উঠা চহৰ-নগৰ এলেকাত ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে ।

কিন্তু সমাজ ব্যৱস্থা আৰু নাগৰিকৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব তাক লৈ অলপো চিন্তিত নহয় ৰাজ্য চৰকাৰ । মাথোঁ লক্ষ্য হৈছে ৰাজহ সংগ্ৰহ বৃদ্ধি হোৱাটো ।

লগতে পঢ়ক :Assam Assembly Autumn session: সদনৰ মজিয়াত বিৰোধীক কিয় বুঢ়া আঙুলি দেখুৱালে মন্ত্ৰী চন্দ্ৰমোহনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.