ETV Bharat / state

Child laborers have been rescued in Assam:ৰাজ্যত এমাহতে 300 টি শিশু শ্ৰমিক উদ্ধাৰ

author img

By

Published : Jul 11, 2023, 8:47 PM IST

শিশু সুৰক্ষা আৰু অধিকাৰ আইনে শিশুৰ সুৰক্ষাৰ কথা কয় যদিও প্ৰকৃত ছবিখনে কিন্তু কিছু বেলেগহে দৃশ্য দেখুৱাই ৷ আইন যিমানেই নাথাকক ৰাজ্যত কম হোৱা নাই শিশু শ্ৰমিক ৷ সবিশেষ আগলৈ-

child laborers have been rescued in assam
শিশু শ্ৰমিক উদ্ধাৰ
শিশু শ্ৰমিক উদ্ধাৰ

গুৱাহাটী, ১১ জুলাই : শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে যদিও প্ৰকৃতাৰ্থত সমাজত বহু ক্ষেত্ৰত অৱহেলিত হৈছে শিশুসকল ৷ শিশু নিৰ্যাতন, শিশু সৰবৰাহ, শিশু শ্ৰমিকৰ খবৰ আমি প্ৰায়ে পঢ়িবলৈ, শুনিবলৈ পাঁও ৷ দেশ, ৰাজ্য উন্নয়ণৰ জখলাত বগাই গৈছে যদিও সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই শিশুসকলক ৷ প্ৰতিটো শিশুৰে শিক্ষাৰ অধিকাৰ আছে, যাৰ বাবে কোনেও শিশুক যিকোনো ধৰণৰ কামত সংযুক্ত কৰিব নোৱাৰিৱ বুলি চৰকাৰৰ ফালৰ পৰা সকীয়নি দি থকা হয় যদিও সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠা নাই চৰকাৰৰ এই জাননী ৷

চলিত বৰ্ষত ৰাজ্যত উদ্ধাৰ হৈছে ৪২৫ টাতকৈ অধিক শিশু শ্ৰমিক । জুন মাহত 300 শিশু শ্ৰমিক উদ্ধাৰ হৈছে - এই মন্তব্য শ্ৰম আয়ুক্ত অনামিকা তিৱাৰীৰ । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, গুৱাহাটী, বৰপেটা, ধুবুৰীত আটাইতকৈ বেছিকৈ শিশু শ্ৰমিক উদ্ধাৰ হৈছে । ক’ভিডৰ পিছত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে । ২০২৬ চনলৈ অসমত শিশু শ্ৰমিক মুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে । ২০২৩ চনত পাইলট প্ৰজেক্ট হিচাপে কামৰূপ মহানগৰক শিশু শ্ৰমিক জন হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা লোৱা হৈছে ।

দুমাহৰ ভিতৰত একচন প্লেন তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে তেওঁ । এই একচন প্লেনৰ জৰিয়তে পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ কথাও জানিবলৈ দিয়ে আয়ুক্ত গৰাকীয়ে । তেওঁ লগতে জনাই যে তেওঁলোকে কিছু সীমাবদ্ধতাৰ মাজেৰে কাম কৰিবলগীয়া হয় । গাড়ীৰ সংখ্যা কম হোৱাৰ লগতে শ্ৰম বিষয়াৰ সংখ্যাও কম, যাৰ বাবে বহু কাম সময়মতে কৰিব নোৱাৰে তেওঁলোকে । বৰ্তমান ৰাজ্যত ৬৯ গৰাকী শ্ৰম বিষয়া আছে ।

উল্লেখ্য যে মংগলবাৰে শ্ৰম বিভাগ আৰু অসম শিশু সুৰক্ষা সমিতিৰ যুটীয়া উদ্যোগত বচপন বচাও আন্দোলনৰ সহযোগত বেলতলাস্থিত হোটেল গ্ৰেণ্ড ভৱেন্দ্ৰ আলয়ত 'STATE Consultation on Child Labour Abolition and Rehabilitation" শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় । শিশু শ্ৰমিকক সুৰক্ষা দিয়া বিষয়ত এই আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

লগতে পঢ়ক : Higher Education Department: মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকলৈ পাঠদান সন্দৰ্ভত উচ্চ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.