গুৱাহাটী, 29 জুলাই: কৃষিপ্ৰধান ৰাজ্যখনত কৃষি অৰ্থনীতি অধিক টনকিয়াল কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । কৃষকৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা হৈছে । কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই । লক্ষণীয় বিষয় যে কৃষি অৰ্থনীতিৰ লগত পশুপালনৰ ক্ষেত্রখনো জড়িত হৈ আছে । যাৰ বাবে অসম চৰকাৰে এই খণ্ডটোৰ বিকাশ সাধনৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । দুগ্ধ উৎপাদনকে ধৰি আন আন ক্ষেত্রক উৎসাহিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

কিন্তু চৰকাৰী এই পদক্ষেপসমূহে প্ৰকৃতাৰ্থত সেইসকল লোকক স্পৰ্শ কৰিব পৰা নাই । আন্তঃগাঠনিৰ অভাৱত চৰকাৰী আঁচনিৰ সুফল পৰিলক্ষিত হোৱা নাই । যি সময়ত দেশৰ আন ৰাজ্যই কৃষিৰ সমানেই পশুপালনৰ ক্ষেত্রখনক বাণিজ্যিক ৰূপ দি কৃষি অর্থনীতি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে সেই সময়ত ৰাজ্যৰ পশু চিকিৎসাৰ আন্তঃগাঁথনি দিনক দিনে অধিক অৱনতি ঘটা দেখা গৈছে । এইক্ষেত্রত বিভাগীয় মন্ত্রী অতুল বৰাৰ অদক্ষতাই প্ৰতিফলিত হৈছে ।
বিগত 7 বছৰে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকাৰ পাছতো মন্ত্রীগৰাকীয়ে বিভাগটোৰ কোনো উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱা নাই । বৰং দিনক দিনে বিভাগটোৰ অৱনতিহে ঘটিছে । অভিযোগ অনুসৰি বৰ্ত্তমান সময়ত ৰাজ্যৰ 318 খন পশু চিকিৎসা প্রতিষ্ঠান জহি-খহি যোৱাৰ লগতে প্ৰতিষ্ঠানসমূহত পশু চিকিৎসাৰ বাবে চিকিৎসককে ধৰি অন্যান্য কোনো সা-সুবিধা নাই । এই জৰাজীৰ্ণ পশু চিকিৎসালয় আৰু পশু উপ-স্বাস্থ্য কেন্দ্ৰসমূহ মেৰামতিৰ অভাৱত জহি-খহি গৈছে ।

ইফালে, ৰাজ্যখনত পশুধনৰ সংখ্যাৰ বিপৰীতে পশু চিকিৎসা প্রতিষ্ঠান যথেষ্ট কম হোৱাৰ বাবে 329 খন নতুন পশু চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰস্তাৱ লোৱা হৈছিল । কিন্তু দীৰ্ঘদিনীয়া এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে দিছপুৰে পুঁজি মুকলি কৰি দিয়া নাই । তদুপৰি জিলাই জিলাই পশু চিকিৎসালয় আৰু কৰ্মচাৰীৰ চৰকাৰী আবাসগৃহসমূহ এৰাবাৰীত পৰিণত হৈছে । পশু চিকিৎসা আৰু পশুপালন বিভাগৰ তথ্যমতে ৰাজ্যখনত বৰ্তমান মুঠ 442 খন পশু চিকিৎসালয় আৰু 767 টা পশু উপ-স্বাস্থ্য কেন্দ্র আছে । ইয়াৰে ভিতৰত 126 খন পশু চিকিৎসালয় আৰু 192 টা পশু উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ অতি জৰাজীৰ্ণ । এই চিকিৎসালয় প্রতিষ্ঠানকেইখনৰ গৃহবোৰ মেৰামতিৰ অথবা নতুনকৈ নিৰ্মাণৰ প্ৰয়োজন আছে । কিন্তু বিত্তীয় সংকটৰ বাবে সেয়া হৈ উঠা নাই ।
2022-23 বিত্তীয় বৰ্ষত ৰাজ্যৰ পশু চিকিৎসা ক্ষেত্ৰখনৰ দুখজনক অৱস্থাটোৰ কথা অৱগত কৰি প্ৰথম পৰ্যায়ত 313 খন চিকিৎসা প্ৰতিষ্ঠানৰ গৃহ পুনৰ নিৰ্মাণ আৰু 227 খন নতুন পশু চিকিৎসা প্ৰতিষ্ঠানৰ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল । কিন্তু এই সন্দৰ্ভত দিছপুৰৰ পৰা কোনো ধৰণৰ সঁহাৰি জনোৱা নাই । লক্ষণীয় বিষয় যে এই সমস্যাৰ সমাধানৰ ক্ষেত্রত বিভাগীয় মন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ তৎপৰতা নাই । ৰাজ্যখনত 442 খন পশু চিকিৎসালয় আৰু 767 খন পশু উপ-স্বাস্থ্য কেন্দ্ৰ আছে যদিও কোনোমতে জোৰা-টাপলি মাৰি চলি আছে 777 খনহে । বাকীবোৰ কাগজে-কলমেহে পৰিচালিত হৈ আছে ।

বিভাগীয় তথ্য অনুসৰি দিছপুৰত প্ৰস্তাৱিত জিলাভিত্তিক নিৰ্মাণ কৰিবলগা পশু চিকিৎসা প্রতিষ্ঠানৰ সংখ্যা হৈছে গোলাঘাটত 19 খন পশু চিকিৎসালয় আৰু উপ-স্বাস্থ্য কেন্দ্ৰ, তিনিচুকীয়াত 11 টা উপ-চিকিৎসা কেন্দ্ৰ, ডিব্ৰুগড়ত 7 খন পশু চিকিৎসালয়, যোৰহাটত 19 খন চিকিৎসালয় আৰু উপ-স্বাস্থ্য কেন্দ্ৰ, মাজুলীত এখন, ধেমাজিত 9 খন পশু চিকিৎসালয়, লখিমপুৰত 19 খন চিকিৎসালয় আৰু উপ-স্বাস্থ্য কেন্দ্ৰ, দৰঙত 7 খন চিকিৎসালয়, নগাঁৱত 5 টা উপ-স্বাস্থ্য কেন্দ্ৰ, কাছাৰত 11 টা উপ-স্বাস্থ্য কেন্দ্ৰ, কৰিমগঞ্জত 12 খন চিকিৎসালয় আৰু উপ-স্বাস্থ্য কেন্দ্ৰ, হাইলাকান্দিত 8 খন চিকিৎসালয় আৰু 6 টা উপ-স্বাস্থ্য কেন্দ্ৰ, কামৰূপত 13 খন চিকিৎসালয় আৰু 22 টা উপ-স্বাস্থ্য কেন্দ্র, নলবাৰীত 31 খন চিকিৎসালয় আৰু উপ-স্বাস্থ্য কেন্দ্ৰ ৷

বৰপেটাত 10 খন চিকিৎসালয় আৰু 39 টা উপ-স্বাস্থ্য কেন্দ্ৰ, বঙাইগাঁৱত 10 টা উপ-স্বাস্থ্য কেন্দ্ৰ, গোৱালপাৰাত 18 টা উপ-স্বাস্থ্য কেন্দ্ৰ, ধুবুৰীত 14 খন চিকিৎসালয়, চৰাইদেউত মুঠ 11 খন আৰু মৰিগাঁৱত 12 টা উপ-স্বাস্থ্য কেন্দ্ৰ । কিন্তু অতি পৰিতাপৰ বিষয় যে জিলাকেইখনত এনে বহু পশু চিকিৎসা প্রতিষ্ঠানৰ গৃহ জৰাজীৰ্ণ হৈ থকাৰ লগতে পুনৰ নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতিও দিছপুৰত কোনোধৰণৰ সঁহাৰি নাই । উল্লেখ্য যে, ৰাজ্যত এখন পশু চিকিৎসালয়ৰ বিপৰীতে 14,190 সংখ্যক পশুধনৰ স্বাস্থ্য চোৱাচিতাৰ দায়িত্ব থাকে । ইফালে স্বাস্থ্য কেন্দ্র অনুপাতে পশু চিকিৎসকৰ অনুমোদিত পদেই নাই ।
বৰ্তমানে ৰাজ্যত অনুমোদিত পশু চিকিৎসকৰ পদ 767 টা যদিও বাস্তৱত আছে 521 টা । এনে এক পৰিস্থিতিৰ মাজেৰে ৰাজ্যৰ পশুপালন খণ্ডটোৱে কৃষি অৰ্থনীতিত কিদৰে অৰিহণা আগবঢ়াব সেয়া সহজতে অনুমেয় ।
লগতে পঢ়ক : Fire breaks out in Nagaon : নগাঁৱৰ মেট্ৰিক্স জুনিয়ৰ কলেজত অগ্নিকাণ্ড