গুৱাহাটী, ৮ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰে পৰা অসম আৰক্ষীৰ লগতে ফ্লায়িং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স টীম(এছ এছ টি) আৰু আবকাৰী বিভাগে ৰাজ্যত ব্যাপক তালাচী অভিযান চলাই আহিছে । সংশ্লিষ্ট কৰ্তৃপক্ষই বিগত ৯ টা দিনত চলোৱা অভিযানত ২.৭২ কোটি টকা জব্দ হোৱাৰ লগতে ২ লাখ ৪০ হাজাৰ লিটাৰ সুৰা জব্দ কৰা হয় । জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য ১.৫৮ কোটি টকা ।
আনহাতে, শনিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত নগদ ১.১১ কোটি টকা জব্দ কৰাৰ উপৰিও অবকাৰী বিভাগ, এছ এছ টি আৰু ফ্লায়িং স্কোৱাডৰ দলে ১০ লাখৰো অধিক টকা মূল্যৰ সুৰা জব্দ কৰে । সেইদৰে নিশাটোৰ ভিতৰতে ১২ গ্ৰাম হেৰ'ইন, ১০.২২ কেজি ভাং, ৩২,২০০টা নিচাযুক্ত টেবলেট আৰু ১৪০টা কফ চিৰাপৰ বটল জব্দ কৰা হয় । এই জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা ।
বিগত সময়ত বৰপেটা, ধেমাজি, চিৰাং, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, নগাঁও, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, যোৰহাটকে ধৰি বিভিন্ন জিলাত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন হৈছে । নগাঁৱত এনে ৫টা অভিযোগ উত্থাপিত হৈছে । ইফালে, ৰূপহীহাটৰ জুৰীয়াত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিছে নগদ ১,২৯০০০ টকা ।
জুৰীয়াৰ নগাবন্দাৰ তিনি আলিত এই মোটা অংকৰ ধন জব্দ কৰা হয় । একেদৰে মানকাচৰৰ মিৰজুমালা দলঙত তিনিজন লোকৰ পৰা জব্দ কৰা হয় মুঠ ৬ লাখ টকা । উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত টকাৰ উজান উঠাৰ লগতে সুৰাৰ সৰবৰাহৰ মাত্ৰাও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক:বিজনীত ড্ৰাগছসহ ব্যৱসায়ী আটক