গুৱাহাটী,28জুলাইঃ
- "ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই"- বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ চৈয়দ মুমিনুল আৱাল
- "ৰাম যুগস্ৰষ্টা মহান ব্যক্তি, গতিকে তেওঁৰ জয় কোৱাত বাধা থাকিব নোৱাৰে"
- "ইচলামধৰ্মী লোকে হনুমান, যিশু খ্ৰীষ্ট, শংকৰগুৰুৰ নামতো জয়ধ্বনি দিব পাৰে"
- "মহাপুৰুষৰ জয় কোৱাটো ধৰ্মীয় অপৰাধ হ’ব নোৱাৰে"
- "ধৰ্মীয় উত্তেজনা সৃষ্টিৰে একাংশই ৰাইজৰ কাম কৰি থকা চৰকাৰখনক শ’লঠেকত পেলাবলৈ আৰু অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যে ’জয় শ্ৰী ৰাম’ ধ্বনিত সাম্প্ৰদায়িক ৰহণ সানিব বিচাৰে"
- "২০২১ চনত দিছপুৰত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব"