ETV Bharat / state

গৰিয়া-মৰিয়া,দেশীসকলৰ লোকপিয়লৰ বাবে চৰকাৰক আহ্বান বিজেপি নেতা মমিনুল আৱালৰ - বিজেপি নেতা মমিনুল আৱাল আৰু নুমল মমিনৰ সংবাদ মেল

চলিত বৰ্ষৰ ১৮ জানুৱাৰীত জনগোষ্ঠীয় সমন্বয় পৰিষদৰ উদ্যোগত গুৱাহাটীত আয়োজন কৰা হৈছে এখন জনগোষ্ঠীয় অভিৱৰ্তনৰ । অভিৱৰ্তনত অসমৰ বিদেশী সমস্যা আৰু সমাধান, অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ, অসমত উচ্চ সদন ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু গৰিয়া মৰিয়া দেশীৰ লোকগণনা সম্পৰ্কত আলোচনা কৰা হ'ব ৷

বিজেপি নেতা মমিনুল আৱালৰ সংবাদ মেল
বিজেপি নেতা মমিনুল আৱালৰ সংবাদ মেল
author img

By

Published : Jan 3, 2020, 7:02 PM IST

গুৱাহাটী, 3 জানুৱাৰী: শুকুৰবাৰে বিজেপি নেতা মমিনুল আৱাল, বিধায়ক ডঃ নোমল ম'মিনে এখন সংবাদ মেল সম্বোধন কৰি শীঘ্ৰে গৰিয়া মৰিয়া দেশীসকলৰ লোকপিয়লৰ ব্যৱস্থা সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ সংবাদমেলত মমিনুল আৱালে অসম চুক্তিক অসমীয়া জাতিৰ বাবে এক আত্মঘাতী চুক্তি বুলি মন্তব্য কৰে। লগতে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ জনগোষ্ঠী সমূহৰ কাৰণে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে ৷

বিজেপি নেতা মমিনুল আৱালৰ সংবাদ মেল

ইয়াৰোপৰি ১২৬ টা বিধানসভাৰ ২৪ খন আসন বৰ্তমান সংৰক্ষিত হৈ আছে গতিকে বাকী ১০২ খন আসন অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলিও বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে। আনহাতে বৰ্তমান অসমত এশৰো অধিক সৰু বৰ খিলঞ্জীয়া অসমীয়া জনগোষ্ঠী আছে। সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব অসম বিধানসভাত সম্ভৱ হৈ উঠা নাই। সেয়ে প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হোৱা জনগোষ্ঠী সমূহৰ অসম বিধানসভাত প্ৰতিনিধিত্বৰ পথ মুকলি কৰিবৰ বাবে অসমত উচ্চ সদন প্ৰৱৰ্তনৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰোৱা হৈছে বুলি বিধায়ক নোমল ম'মিনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: CAA আৰু NRC ৰ বিৰুদ্ধে জামিয়া মিলিয়াত অভিনৱ প্ৰতিবাদ

সংবাদ মেলত জনায় যে, চলিত বৰ্ষৰ ১৮ জানুৱাৰীত জনগোষ্ঠীয় সমন্বয় পৰিষদৰ উদ্যোগত গুৱাহাটীত এখন জনগোষ্ঠীয় অভিবৰ্তনৰ আয়োজন কৰা হৈছে। অভিৱৰ্তনত অসমৰ বিদেশী সমস্যা আৰু সমাধান, অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ, অসমত উচ্চ সদন ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু গৰিয়া মৰিয়া দেশীৰ লোকগণনা সম্পৰ্কত আলোচনা কৰা হ'ব ৷

Intro:জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ মূখ্য আহ্বায়ক মমিনুল আৱালৰ সহিতে নুমল মমিনৰ দিছ্পুৰ প্ৰেছ ক্লাবত সংবাদমেল।অসম বিধানসভাত আসন সংৰক্ষণ, অসম চুক্তিৰ ৬নং দফা, উচ্চ সদন, গৰিয়া মৰিয়া দেশীৰ লোকগনণা ইত্যাদি বিষয় বস্তু লৈ সংবাদমেল জনগোষ্ঠীয় সমন্বয় পৰিষদৰ।
Body:সংবাদমেলত মমিনুল আৱালে স্পষ্ট ভাষাত জানিবলৈ দিয়ে যে বিদেশী প্ৰবজনৰ পৰা ৰক্ষা পাবৰ কাৰণে অসমত বিদেশী বহিস্কাৰ আন্দোলন হৈছিল। এই দৃষ্টিৰে অসম চুক্তিখন অসমীয়া জাতিৰ বাবে এক আত্মঘাতী চুক্তি হিচাবে বিবেচিত হৈছে।
লগতে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসম বিধানসভাৰ আসনসমূহ অসমৰ জনগোষ্ঠী সমূহৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰা হৈছে বুলি সংবাদমাধ্যম ক জানিবলৈ দিয়ে লগতে ১২৬ টা বিধানসভাৰ ২৪ খন আসন বৰ্তমান সংৰক্ষিত হৈ আছে গতিকে বাকী ১০২ খন আসন অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলিও তেওঁ কয়। লগতে বিধায়ক নুমল মমিনে জানিবলৈ দিয়ে যে বৰ্তমানৰ অসমত এশৰো অধিক সৰু বৰ খিলঞ্জীয়া অসমীয়া বিভিন্ন জনগোষ্ঠী আছে। সকলোবিলাক জনগোষ্ঠীৰ প্ৰতিনিধিত্ব অসম বিধানসভাত সম্ভৱ হৈ উঠা নাই। প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হোৱা জনগোষ্ঠী সমূহৰ অসম বিধানসভাত প্ৰতিনিধিত্বৰ পথ মুকলি কৰিবৰ বাবে অসমত উচ্চ সদন প্ৰৱৰ্তনৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে।

Conclusion: আনহাতে অহা ১৮ জানুৱাৰী তাৰিখে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ উদ্যোগত গুৱাহাটীত এখন জনগোষ্ঠীয় অভিবৰ্তনৰ আয়োজন কৰা হৈছে। অভিবৰ্তনত অসমৰ বিদেশী সমস্যা আৰু সমাধান, অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ, অসমত উচ্চ সদন ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু গৰিয়া মৰিয়া দেশীৰ লোকগনণা সম্পৰ্কত আলোচনা কৰা হব বুলিও সংবাদমেল যোগে জানিবলৈ দিয়ে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.