গুৱাহাটী,29 অক্টোবৰঃ ৰাজ্যত পুনৰ জন্ম পালে আন এটা ৰাজনৈতিক দলে ৷ মহিলাৰ দ্বাৰা গঠন হ'ল এই ৰাজনৈতিক দলটো ৷ নতুন ৰাজনৈতিক দলটোৰ নাম "মহিলাৰ দল" ৷ গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে দলটোৱে ৷ মহিলাৰ সুৰক্ষা আৰু অধিকাৰৰ বিৰুদ্ধে যুঁজিব দলটোৱে ৷ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দিব প্ৰাৰ্থী ৷
ইপিনে দলটোৰ লক্ষ্য আৰু উদ্যেশ্য সমূহ হ'ল অসমক এখন উন্নত ৰাজ্য হিচাপে ঐক্য শান্তি,প্ৰগতি,অস্তিত্ব ৰক্ষা কৰা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে গঢ়ি তোলাই প্ৰধান লক্ষ্য আৰু উদ্যেশ্য ৷ মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ বাবে জঘন্য ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰা আৰু অতি সোনকালে আইনি ব্যৱস্থা গ্ৰহণ কৰা ৷ খিলঞ্জীয়াৰ ভূমিৰ সংৰক্ষণ ব্যৱস্থা আৰু খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক যুৱতীৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব সদৰি কৰে দলটোৰ বিষয়ববীয়াই ৷
সংবাদমেলত উপস্থিত থাকে সাধাৰণ সম্পাদিকা বৰ্নালী নেওগ,প্ৰচাৰ সম্পাদিকা বিলু দত্ত আৰু সভানেত্ৰী ভৱানী বড়ো ৷ উল্লেখ্য যে নতুনকৈ জন্ম পোৱা মহিলাৰ দলৰ মুখ্য কাৰ্যালয় হ'ব মহানগৰীৰ উলুবাৰীত ৷
লগতে পঢ়কঃ ঢোল বাঁহী আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাই