ETV Bharat / state

আগন্তুক সময়ত ৰাজ্যলৈ সঘন সোঁত ব'ব মোডী, শ্বাহ আৰু নাড্ডাৰ

বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই অসমলৈ আগমন ঘটিছে বহু হাই-প্ৰফাইল নেতাৰ ৷ বৰ্তমানলৈকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একাধিকবাৰ অসমলৈ ৰাওনা হৈছে ৷ আগন্তুক সময়ত তিনি শীৰ্ষ নেতাৰ আগমনে উত্তাল কৰি তুলিব ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷

author img

By

Published : Mar 18, 2021, 5:20 PM IST

Updated : Mar 18, 2021, 7:03 PM IST

আগন্তুক সময়ত ৰাজ্যলৈ সঘন সোঁত ব'ব মোডী,শ্বাহ আৰু নাড্ডাৰ

গুৱাহাটী,১৮ মাৰ্চ: পশ্চিমবংগতকৈ অসমৰ নিৰ্বাচনক অধিক গুৰুত্ব সহকাৰে লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰে পৰা আজিলৈকে একাধিকবাৰ অসমলৈ আহি কেইবাখনো নিৰ্বাচনী সভাত ভাগ লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে । কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ আনসকল ৰাষ্ট্ৰীয় নেতাৰ তুলনাত স্বয়ং প্ৰধানমন্ত্ৰীয়ে নিজেই একাধিকবাৰ অসমলৈ অহাৰ পৰিকল্পনা কৰিছে ।

আগন্তুক সময়ত ৰাজ্যলৈ সঘন সোঁত ব'ব মোডী, শ্বাহ আৰু নাড্ডাৰ

ৰাজ্যিক বিজেপিৰ সূত্ৰ মতে, আগন্তুক দুটা সপ্তাহত এবাৰ-দুবাৰ নহয়, পাঁচবাৰকৈ প্ৰধানমন্ত্ৰী মোডীয়ে অসমলৈ আহিব । প্ৰাপ্ত খবৰ অনুসৰি, ২০ মাৰ্চত চাবুৱালৈ পুনৰ আহিব মোডী । চাবুৱাত মিত্ৰদল অগপৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে । ২১ মাৰ্চত পুনৰ প্ৰধানমন্ত্ৰীয়ে বোকাখাতত প্ৰচাৰ চলাব মিত্ৰদল অগপৰ সভাপতি অতুল বৰাৰ হৈ আৰু ২৪ মাৰ্চত মোডী আহিব বিহপুৰীয়ালৈ । বিহপুৰীয়াত বিজেপি প্ৰাৰ্থী ডঃ অমিয় কুমাৰ ভূঞাৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মোডীয়ে ৷

একেদৰে বিজেপি প্ৰাৰ্থী ডঃ পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ ২৮ মাৰ্চত প্ৰধানমন্ত্ৰী গৰাকী আহিব ছিপাঝাৰলৈ । কেৱল সিমানেই নহয়, ১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বিজনীত । ইয়াৰ পিছতে ৩ এপ্ৰিলত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । উক্ত দিনা তামুলপুৰত মোডীয়ে মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

ইয়াৰ বিপৰীতে এই সময়চোৱাৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব এদিনৰ বাবে । ২২ মাৰ্চত নাড্ডাই অসমলৈ আহি সেইদিনাই টিংখাং, বিহালী আৰু তিতাবৰৰ তিনিখনকৈ দলীয় প্ৰচাৰ সভাত ভাগ ল'ব । আনহাতে, আগন্তুক এই সময়চোৱাৰ ভিতৰত গৃহ মন্ত্ৰী অমিত শ্বাহো অসমলৈ আহিব তিনিদিনৰ বাবে । ২১ মাৰ্চত তেওঁ জোনাই আৰু পানেৰীত নিৰ্বাচনী প্ৰচাৰ চলাব । তেনেদৰে সোণাৰি আৰু ৰাতাবাৰীত প্ৰচাৰ চলাবলৈ গৃহ মন্ত্ৰীগৰাকী আহিব ২৩ মাৰ্চত আৰু ২৭ মাৰ্চত নগাঁও আৰু মৰিগাঁৱত দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব অমিত শ্বাহে ।

অন্য এক খবৰৰ বাবে: চৰাইদেউত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

Last Updated : Mar 18, 2021, 7:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.