ETV Bharat / state

মোডী মন্ত্ৰীসভাৰ জাহাজ, পৰিবহণৰ দায়িত্বত সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet Minister) ত শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই দিল্লীত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ বাসগৃহলৈ গৈ ফুলৰ তোৰাৰে শুভেচ্ছা জনায় ৷

মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সোণোৱালক জাহাজ, পৰিবহণ, জলপথ আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্ব

author img

By

Published : Jul 8, 2021, 9:10 AM IST

Updated : Jul 8, 2021, 10:26 AM IST

নিউজ ডেস্ক, 8 জুলাই : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডী (Narendra Modi) ৰ কেবিনেট মন্ত্ৰী (Union Cabinet Minister) হিচাপে শপত লয় ৷ সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ক মোডী কেবিনেটত বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হয় । কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet Minister)ত শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই দিল্লীত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ বাসগৃহলৈ গৈ ফুলৰ থোৰাৰে শুভেচ্ছা জনায় ৷

মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সোণোৱালক জাহাজ, পৰিবহণ, জলপথ আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্ব
ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এই বিষয়ে এখন ফটো শ্বেয়াৰ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ক কেন্দ্ৰীয় মন্ত্ৰীৰূপে নিয়ুক্তি দিয়াটো অসমৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে । তেওঁ লগতে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ দক্ষতা আৰু অভিজ্ঞতা কেন্দ্ৰীয় চৰকাৰৰ বাবে এক ডাঙৰ সম্পদ বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন দুজনে স্থান পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ সদ্য সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভা (Union Cabinet Minister)ত ৷

  • I called upon newly sworn-in Union Cabinet Minister Sri @sarbanandsonwal & extended my warm wishes for his new tenure.

    His appointment is a matter of pride for every Assamese.
    Sarba da brings with him immense administrative experience & will be an asset in the Union Cabinet. pic.twitter.com/SMko2kDvb3

    — Himanta Biswa Sarma (@himantabiswa) July 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰাৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব বুলি এক চৰ্চা লাভ কৰিছিল ৷

মোডী মন্ত্ৰীসভাত নতুনকৈ স্থান পাইছে পশ্চিম ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকে ৷ প্ৰথমবাৰৰ বাবে লোকসভাত পশ্চিম ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰা ভৌমিক একেবাৰে সাধাৰণ পৰিয়ালৰ আৰু এগৰাকী খেতিয়ক ৷ তেওঁ ত্ৰিপুৰা মহিলা মহাবিদ্যালয়ৰ এগৰাকী জৈৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী ৷

পশ্চিম ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিক

উত্তৰ-পূৱৰ পৰা মোডী মন্ত্ৰীসভাত স্থান পোৱা আন এগৰাকী সাংসদ হ'ল মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিং ৷ 68 বছৰীয়া সিঙে ইনাৰ-মণিপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁ প্ৰায় চাৰিটা দশক ধৰি সক্ৰিয় ৰাজনীতিত জড়িত ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোলৰ স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰী লাভ কৰাৰ লগতে মণিপুৰৰ বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন বিভাগৰ সঞ্চালক হিচাপেও কাম কৰিছিল ৷

মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet Minister)ত অন্তৰ্ভুক্ত হোৱাৰ পিছতে সোণোৱালে এৰিব লাগিব মাজুলীৰ বিধায়কৰ পদ । বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত খালী হোৱা হৈ আছে ৰাজ্যসভাৰ আসনখন ৷ উপ নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে ছমাহৰ ভিতৰত উক্ত আসন দখল কৰিব লাগিব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) প্ৰকাশ কৰে ৷

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে

Last Updated : Jul 8, 2021, 10:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.