নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে উক্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী হ'ল 'আদৰ্শ আচৰণ বিধি' ৷ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে পৰ্যাপ্ত সাধাৰণ পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু সজাগতা পৰ্যবেক্ষক নিয়োগ কৰিছে বুলি জানিবলৈ দি কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্তই কয় যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই তাৎক্ষণিকভাৱে আচৰণ বিধি সমূহ কাৰ্যকৰী হৈ উঠে ৷
আদৰ্শ আচৰণ বিধি
আদৰ্শ আচৰণ বিধি হৈছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দল তথা প্ৰাৰ্থী সকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে জাৰি কৰা কিছুমান নিৰ্দেশনা ৷ মূলতঃ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই নিৰ্বাচন আয়োগে এই নিৰ্দেশনা সমূহ জাৰি কৰে ৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 324 ৰ অনুসৰি এই নিৰ্দেশনা জাৰি কৰা হয়, যিয়ে নিৰ্বাচন আয়োগক সংসদৰ নিৰ্বাচন আৰু ৰাজ্যিক আইনসভা সমূহ তদাৰক কৰাৰ বাবে ক্ষমতা প্ৰদান কৰে ৷ এই আচৰণ বিধিসমূহ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা দিনটোৰ পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিনটোলৈ কাৰ্যকৰী হৈ থাকে ৷
আদৰ্শ আচৰণ বিধিৰ ইতিহাস
প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ এক বিবৃতি অনুসৰি, 1960 চনত পোনপ্ৰথমবাৰৰ বাবে কেৰালাত ৰাজ্যিক বিধানসভা নিৰ্বাচনত আদৰ্শ আচৰণ বিধিৰ এখন ফৰ্ম প্ৰৱৰ্তন কৰা হৈছিল ৷ এই ফৰ্মখন আছিল নিৰ্বাচনী সভা, ভাষণ, শ্ল'গান আদিক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰতি জাৰি কৰা কিছুমান নিৰ্দেশনা ৷ 1962 চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত আই আচৰণ বিধিসমূহ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ মাজত বিতৰণ কৰা হৈছিল আৰু ৰাজ্যিক চৰকাৰৰ ফালৰ পৰা এইক্ষেত্ৰত দলসমূহৰ মন্তব্য বিচৰা হৈছিল ৷ 1962 চনৰ নিৰ্বাচনত প্ৰায় সকলোবোৰ ৰাজনৈতিক দলেই এই নিৰ্দেশনা সমূহ মানি চলিছিল লগতে সাধাৰণ নিৰ্বাচনলৈকে এই নিৰ্দেশনা মানি চলাটো অব্যাহত ৰাখিছিল ৷
শাসনত থকা দলে যাতে ক্ষমতাৰ অপপ্ৰয়োগ কৰি সুবিধা আদায় কৰিব নোৱাৰে সেই উদ্দেশ্যে 1979 চনত নিৰ্বাচন আয়োগে ক্ষমতাত থকা দলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই নিৰ্দেশনা সমূহৰ সৈতে অন্য এটা শাখা অন্তৰ্ভুক্ত কৰে ৷ 2013 চনত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কীয় নিৰ্দেশনা সমূহ ইয়াত অন্তৰ্ভিক্ত কৰাৰ বাবে নিৰ্দেশ দিছিল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি 2014 চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কীয় নিৰ্দেশনাসমূহো ইয়াত অন্তৰ্ভুক্ত কৰিছিল ৷
আদৰ্শ আচৰণ বিধিৰ মুখ্য নিয়মাৱলী
নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন দিশ যেনে- সাধাৰণ আচৰণ, সভা, সমদল, নিৰ্বাচনৰ দিন, নিৰ্বাচন কেন্দ্ৰ, পৰ্যবেক্ষক, ক্ষমতাত থকা দল আৰু নিৰ্বাচনী ইস্তাহাৰ ইত্যাদিক সামৰি আদৰ্শ আচৰণ বিধিৰ মুঠ আঠটা নিয়মাৱলী আছে ৷ আচৰণ বিধিৰ এনে কেইটামান মুখ্য নিয়মাৱলী তলত উল্লেখ কৰা ধৰণৰ-
সাধাৰণ আচৰণ: ৰাজনৈতিক দলক কৰা সমালোচনা দলসমূহৰ নীতি, কাৰ্যক্ৰম, পুৰণি তথ্য আৰু কামৰ ভিতৰত সীমাবদ্ধ থাকিব লাগিব ৷ ভোটৰ বাবে জাতি বাবে ধৰ্মীয় আবেগক ব্যৱহাৰ কৰা, তথ্য প্ৰমাণ নোহোৱা কোনো কথাৰ ভিত্তিত প্ৰাৰ্থী সকলক সমালোচনা কৰা, ভোটাৰক ঘোচ দিয়া আৰু কোনো প্ৰাৰ্থীৰ মতাদৰ্শৰ বিৰোধ কৰাৰ বাবে তেওঁৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰা ইত্যাদিৰ সম্পূৰ্ণৰূপে বিৰত থাকিব লাগিব ৷
সভা: আৰক্ষীয়ে যাতে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিব পাৰে সেই উদ্দেশ্যে কোনো স্থানত সভা সমিতিৰ আহ্বান কৰাৰ পূৰ্বে ঠাই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিব লাগিব ৷
সমদল: যদিহে দুজন বা তাতোকৈ অধিক প্ৰাৰ্থীয়ে একেটা পথেৰে সমদল কৰাৰ বাবে পৰিকল্পনা কৰে তেন্তে উদ্যোক্তা সকলে পূৰ্বতেই যোগাযোগ কৰিব লাগিব, যাতে কোনো ধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহয় ৷ অন্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীক প্ৰতিমুৰ্তি লগত নি জ্ৱলোৱাৰ ক্ষেত্ৰত কোনো অনুমতি নাই ৷
নিৰ্বাচনৰ দিন: প্ৰতিটো স্বীকৃতিপ্ৰাপ্ত দলৰ কৰ্মীক নিৰ্বাচন কেন্দ্ৰ সমূহত চিনাক্ত কৰিব পৰাকৈ বেজ প্ৰদান কৰিব লাগিব ৷ কিন্তু, এই বেজসমূহত দলৰ নাম, চিহ্ন বা প্ৰাৰ্থীৰ নাম থাকিব নোৱাৰিব ৷
নিৰ্বাচন কেন্দ্ৰ: কেৱল ভোটাৰ আৰু নিৰ্বাচন আয়োগৰ পাছ থকা লোক সকলকহে নিৰ্বাচন কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ৷
পৰ্যবেক্ষক: নিৰ্বাচন আয়োগে পৰ্যবেক্ষক সকলক নিয়োগ কৰিব আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কোনো প্ৰাৰ্থীৰ কিবা কথা জনাব থাকিব লাগিলে পৰ্যবেক্ষক সকলক জনাব লাগিব ৷
ক্ষমতাত থকা দল: ক্ষমতাত থকা দলসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে 1979 চনত আদৰ্শ আচৰণ বিধিৰ আধাৰত কিছুমান বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ এই নিষেধাজ্ঞা অনুসৰি মন্ত্ৰী সকলে নিৰ্বাচনৰ কামৰ সৈতে আনুষ্ঠানিক সাক্ষাৎ সমূহ একত্ৰিত কৰিব নোৱাৰিব ৷ একেদৰে প্ৰচাৰৰ বাবে প্ৰাৰ্থী সকলে চৰকাৰী যন্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব ৷ নিৰ্বাচনত জয়লাভ কৰাৰ উদ্দেশ্যে বা জয়লাভৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দল সমূহে ৰাজকোষৰ ধনেৰে বিজ্ঞাপন কৰা আৰু চৰকাৰী গণ মাধ্যম ব্যৱহাৰ কৰা পৰিহাৰ কৰিব লাগিব ৷ মন্ত্ৰী আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ আৰ্থিক অনুদান ঘোষণা কৰিব নোৱাৰিব লগতে খোৱাপানীৰ ব্যৱস্থা বা পথ নিৰ্মাণ কৰা আদি প্ৰতিশ্ৰুতি দিব নোৱাৰিব ৷ ক্ষমতাত থকা দলে একচেতিয়া মনোভাৱ ল'লে ন'হব আৰু অন্য দল সমূহক ৰাজহুৱা ঠাই আৰু বিশ্ৰাম গৃহ প্ৰয়োগ কৰাৰ বাবে অনুমতি দিব লাগিব ৷
নিৰ্বাচনী ইস্তাহাৰ: 2013 চনত অন্তৰ্ভুক্ত কৰা নিৰ্দেশাৱলীয়ে ভোটাৰৰ উপৰত অনুচিত প্ৰভাৱ পেলাব পৰা প্ৰতিশ্ৰুতি সমূহ দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰে ৷
আদৰ্শ আচৰণ বিধি অনুযায়ী শাসনত থকা দলৰ প্ৰতি থকা বিধি নিষেধ সমূহ
1979 চনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনত থকা দলৰ প্ৰতি কিছুমান বাধা নিষেধ আৰোপ কৰা হয় :
- প্ৰচাৰৰ বাবে ৰাজহুৱা ৰাজকোষৰ ধন ব্যয় কৰিব নোৱাৰিব আৰু লগতে চৰকাৰী গণ মাধ্যম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব
- কোনো সাংসদ বা মন্ত্ৰীয়ে দলীয় কাম বা প্ৰচাৰৰ সৈতে আনুষ্ঠানিক সাক্ষাৎ সমূহ একেলগ কৰিব নোৱাৰিব ৷ একে উদ্দেশ্যত তেঁওলোকে চৰকাৰী যন্ত্ৰও ব্যৱহাৰ কৰিব নোৱাৰিব ৷
- মন্ত্ৰী আৰু অন্যান্য কৰ্তৃপক্ষই কোনোধৰণৰ আৰ্থিক সাহাৰ্য বা পথ নিৰ্মাণ, খোৱা পানীৰ যোগান আদি কামৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিব ৷
- ক্ষমতাত থকা দলে একচেতিয়া মনোভাৱ পোষণ কৰিলে ন'হব আৰু অন্যান্য দলসমূহক ৰাজহুৱা ঠাই প্ৰয়োগ কৰাৰ বাবে অনুমতি দিব লাগিব ৷
পূ্ৰ্বৰ নিৰ্বাচনত হোৱা আদৰ্শ আচৰণ বিধিৰ উলংঘন
- 2017 চনত গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ 2014 চনৰ ভূলৰ পুনৰাবৃত্তি কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভোটদান কৰি উঠি চিঞাহী লাগি থকা আঙুলিৰে সৈতে ভোট কেন্দ্ৰৰ বাহিৰত সমবেত হাজাৰ ৰাইজক হাত জোকাৰি দেখুৱাইছিল ৷ বিৰোধী দলসমূহে এই কাৰ্যক আদৰ্শ আচৰণ বিধিৰ উলংঘন কৰা বুলি অভিযোগ কৰিছিল ৷ ইয়াৰ পাছতে মোডীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷
- গুজৰাট বিধানসভা নিৰ্বাচনতেই তেতিয়াৰ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ উপৰতো নিৰ্বাচন আয়োগে আচৰণ বিধিৰ উলংঘন কৰাৰ অভিযোগ কৰিছিল ৷ গুজৰাট নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে টেলিভিছনক দিয়া সাক্ষাৎকাৰৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছিল ৷ এই ঘটনাৰ পাছতে নিৰ্বাচন আয়োগে গুজৰাটৰ মুখ্য নিৰ্বাচন বিষয়াক ৰাহুল গান্ধীৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰা টেলিভিছন চেনেলটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল ৷
- 2017 চনত গোৱাৰ এক নিৰ্বাচন ৰেলীত ঘোচ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা এক মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে কেজৰিৱালক ভৎসৰ্না কৰিছিল ৷ নিৰ্বাচন আয়োগে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক এইবুলি সকীয়াই দিছিল যে, যদিহে তেওঁ এনেধৰণৰ মন্তব্য কৰি থাকে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব লগতে আম আদমিৰ পাৰ্টীৰ স্বীকৃতি পৰ্যন্ত বৰ্খাস্ত কৰা হ'ব ৷
- আচঞ্চলক জিলা হিচাপে ঘোষণা কৰি 2016 চনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত মমতা বেনাৰ্জী নিৰ্বাচন আয়োগৰ ৰোষত পৰিছিল ৷ আদৰ্শ আচৰণ বিধি বলবৎ হৈ থকা অৱস্থাতে এই কথা ঘোষণা কৰিছিল মমতা বেনাৰ্জীয়ে ৷ একেটা বছৰতে আকৌ তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈ সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ৰোষত পৰিছিল ৷ ৰাজ্যখনত 61 টা সমষ্টিত ভোটগ্ৰহণ হ'বলৈ বাকী থকা অৱস্থাতেই সংবাদমেল অনুষ্ঠিত কৰাৰ অভিযোগত গগৈৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল ৷
- উত্তৰ প্ৰদেশৰ 2014 চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সংঘৰ্ষ জৰ্জৰিত অঞ্চলত ঘৃণাজনিত ভাষণ প্ৰদান কৰাৰ অভিযোগত অমিত শ্বাহলৈও নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল ৷ জাট সম্প্ৰদায়ক তেওঁলোকৰ অপমানৰ প্ৰতিশোধ লোৱাৰ বাবে শ্বাহে সম্প্ৰদায়টোৰ লোক সকলক প্ৰৰোচিত কৰাৰ অভিযোগত নিৰ্বাচন আয়োগে শ্বাহক জাননী প্ৰেৰণ কৰিছিল ৷