ETV Bharat / state

Labhita Drama Controversy: অভিজিৎ ভট্টাচাৰ্যক গৰিহণা থিয়েটাৰ প্ৰযোজক সন্থাৰ - Abhijit Bhattacharya Lavita drama controversy

সম্প্ৰতি অসমৰ সাংস্কৃতিক তথা নাট্য জগতত তীব্ৰ সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এখন নাটকক কেন্দ্ৰ কৰি । চলিত বৰ্ষৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰত প্ৰদৰ্শিত হৈ থকা ভট্টাচাৰ্যৰ 'লভিতা' নাটকখনক কেন্দ্ৰ কৰি বিতৰ্ক তুংগত উঠিছে (Labhita Drama Controversy) । এইবাৰ সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ গৰিহণা ।

Lavita Drama Controversy
অভিজিৎ ভট্টাচাৰ্যক গৰিহণা থিয়েটাৰ প্ৰযোজক সন্থাৰ
author img

By

Published : Oct 13, 2022, 4:51 PM IST

গুৱাহাটী,১৩ অক্টোবৰ: বিগত কিছু দিন ধৰি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি 'লভিতা'ক বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ যে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কুম্ভীলক বৃত্তিৰ আশ্ৰয় লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত নাটক 'লভিতা'ক আৱাহন থিয়েটাৰত মঞ্চস্থ কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠন আৰু সমাজ সচেতন ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে ।

Lavita Drama Controversy
অভিজিৎ ভট্টাচাৰ্যক গৰিহণা থিয়েটাৰ প্ৰযোজক সন্থাৰ

ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু আৱাহন থিয়েটাৰৰ (Abahan Theatre) প্ৰযোজক,অভিনেত্রী প্ৰস্তুতি পৰাশৰে (Actress Prastuti Parashar) নাটকখনৰ নাম সলনি কৰিব বুলি সদৰী কৰিছে । কিন্তু এই বিষয়টোক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া ।

বিভিন্ন পক্ষই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি 'লভিতা' নাটখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে (Jyoti Prasad Agarwala drama Labhita)। লগতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মানসিকতাৰ ওপৰতো সমালোচনা কৰিছে । এইবাৰ আৱাহন থিয়েটাৰ তথা অভিজিৎ ভট্টাচাৰ্যক উভতি ধৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই (All Assam Mobile Theatre Producers Association) ।

মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এই কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সন্থাটোৱে । সন্থাটোৱে এক বিবৃত্তি যোগে কয় যে কেৱল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নহয় বৰং অসমীয়া জন-জীৱনৰ প্ৰতি গৰাকী পুৰোধা ব্যক্তিৰ সৃষ্টিৰ বিকৃতকৰণ কোনো পধ্যেই হ'বলৈ দিয়া নহ'ব ।

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক গৰিহনা দিয়াৰ লগতে অসমৰ জন-জীৱনৰ আদৰ্শবান মহাণ পুৰুষ সকলৰ লিখনি, সভ্যতা, সংস্কৃতিক লৈ বেপাৰ-বাণিজ্য কৰিব বিচৰাটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে বুলি সদৰী কৰে (Abhijit Bhattacharya Labhita drama controversy)। যিকোনো ক্ষেত্ৰতে অসমীয়া জাতি আৰু সমাজ জীৱনৰ হ’কে যি সকল বৰেণ্য পুৰুষে অৱদান আগবঢ়াই গৈছে তেখেত সকল সদায় চিৰস্মৰণী হৈ ৰ'ব বুলি সন্থাই উল্লেখ কৰে ।

লগতে পঢ়ক:Lavita Drama Controversy : আৱাহন থিয়েটাৰক ১০ দিনৰ সময়সীমা লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.