গুৱাহাটী, ২২ মে': ভাৰতীয় ডাক বিভাগে গুৱাহাটীত আৰম্ভ কৰিছে ভ্ৰাম্যমাণ পোষ্টেল সেৱা । এতিয়াৰে পোষ্ট অফিচলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ চৌহদতে সকলো সেৱা লাভ কৰিব গ্ৰাহকে । বেংকৰ একাউণ্ট খোলা, ধন লেনদেন আদি সকলো সেৱা উপলব্ধ হ'ব এই ম'বাইল পোষ্টেল সেৱাত ।

তাৰোপৰি এতিয়াৰে পৰা আধাৰ কাৰ্ড লিং থকা যিকোনো বেংকৰ গ্ৰাহকে ধন উলিয়ালৈ যাব নালাগে বেংক অথবা এটিএমলৈ । এই সেৱাৰ দ্বাৰা ঘৰৰ পদূলিতে উলিয়াব পাৰিব বেংক একাউন্টৰ পৰা টকা । এই সেৱাৰ বাবে গ্ৰাহকে ভৰিব নালাগে কোনো অতিৰিক্ত মাছুল ।
কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ আৰম্ভ কৰা হৈছে এই ব্যৱস্থা । কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যত উপলব্ধ হ'ব এই মোবাইল পোষ্টেল সেৱা । শুকুৰবাৰে গুৱাহাটীৰ মালিগাঁৱত ৰাইজক এই সেৱাৰ বিষয়ে জনাই পোষ্ট অফিচৰ বিষয়াসকলে ।