গুৱাহাটী, ২৯ এপ্ৰিল: মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত শুকুৰবাৰে মুকলি কৰা হয় অক্সিজেন প্লান্ট । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অক্সিজেন প্লান্ট । শুকুৰবাৰে ৰাজ্যৰ ১১ সংখ্যক অক্সিজেন প্লান্টটো মুকলি কৰা হয় ।
এই অক্সিজেন প্লান্টটো মুকলি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ জৰিয়তে দৈনিক ১০০ টাকৈ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব । লগতে ইয়াৰ যোগেদি প্ৰতিদিনে .৯ মেট্ৰিক টন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ’ব মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল কৰ্তৃপক্ষই । ইয়াৰোপৰি, এই অক্সিজেন প্লান্টৰ জৰিয়তে নিতৌ ১০০ টাকৈ জাম্ব’ চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলিও সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
ইফালে শিলচৰত আগন্তুক দুদিনৰ ভিতৰত নতুন দুটা অক্সিজেন প্লান্ট উদ্বোধন কৰা হ’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে । শিলচৰৰ এই প্লান্টটো উদ্বোধন কৰাৰ পিছতে অসমত অক্সিজেন প্লান্টৰ সংখ্যা ১৩ টালৈ বৃদ্ধি পাব । এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: আমগুৰিত ভয়াৱহ দুৰ্ঘটনাত মহিলাৰ মৃত্যু