গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: অখিল গগৈয়ে পূৰ্বৰ মুখ্যমন্ত্রী প্ৰয়াত তৰুণ গগৈক ব্লেকমেইল কৰি কাজিৰঙা অৰ্কিড পাৰ্কৰ বাবে ২২ বিঘা মাটি সৰকাই নিছিল । এই অভিযোগ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।
বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শুকুৰবাৰে অন্তিমদিনা এইদৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বিধানসভা চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ অখিল গগৈক ভণ্ড নেতা আখ্যা দি কয় যে মাটিৰ পট্টা দিয়াৰ নামত বৃহৎ আন্দোলন গঢ়ি তুলি নিজৰ স্বাৰ্থৰ বাবে পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ পৰা ২২ বিঘা ভূমি ল’লে অখিল গগৈয়ে ।
এই সন্দৰ্ভত তেওঁ গোলাঘাট জিলা আয়ুক্তৰ এখন পত্র উল্লেখ কৰি কয় যে অখিল গগৈক বে-আইনীভাৱে ভূমিখিনি দিয়া হৈছিল । পুত্রৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই হয়তো সেই সময়ত তৰুণ গগৈয়ে ভূমিখিনি কাজিৰঙা অৰ্কিড পাৰ্কৰ নামত দিছিল বুলি তেওঁ অভিযোগ কৰে ।
তেওঁ লগতে কয় যে চাহ বাগানৰ ভূমি বে-আইনীভাৱে দিয়া হৈছে । যাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এখন পত্র দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই পত্রযোগে অখিল গগৈৰ বে-আইনী অৰ্কিড পাৰ্ক উচ্ছেদ কৰাৰ বাবে আহ্বান জনোৱা হৈছে ।
আন্দোলনৰ নামত অখিল গগৈয়ে নিজৰ স্বাৰ্থ সিদ্ধি কৰি কৃষক ৰাইজক ৰামঠগন দিলে বুলি তেওঁ অভিযোগ কৰে । তেওঁ কাজিৰঙা অৰ্কিড পাৰ্কৰ ভূমিখিনি উচ্ছেদ কৰি টি ক্লাছৰ নামত দিয়াৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় ।
উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে বিধায়ক অখিল গগৈ অৰ্কিড পাৰ্ক সন্দৰ্ভত বিধানসভাৰ চৌহদতে স্পষ্টীকৰণ দিছিল ৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক এনে এখন অৰ্কিড খুলি দেখুৱাবলৈও প্ৰত্যাহ্বান জনাইছিল ৷
লগতে পঢ়ক: Akhil Gogoi: অপমানৰ বাবে কেতিয়াবা নিশা টোপনি নাহে বিধায়ক অখিল গগৈৰ