ETV Bharat / state

Rupjyoti Kurmi controversy: মমতাজ ছাহজাহানৰ প্ৰেম সন্দৰ্ভত তদন্তৰ পোষকতা বিধায়ক ৰূপজ্যোতিৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰা লোকসকলক 'চেৰা পাগল' আখ্যা বিধায়কগৰাকীৰ ৷ তেওঁক সমালোচনা কৰাসকল মিঞাৰ সমৰ্থক বুলিও বিতৰ্কিত মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে (MLA Rupjyoti Kurmi controversy) ৷

MLA kurmi commented on Mughal history
বিধানসভা চৌহদত বিধায়ক ৰূপজ্যোতি কুৰ্মী
author img

By

Published : Apr 5, 2023, 9:28 PM IST

বিধানসভা চৌহদত বিধায়ক ৰূপজ্যোতি কুৰ্মী

গুৱাহাটী, 5 এপ্ৰিল : বিতৰ্কিত মন্তব্যৰ বাবে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচত বুধবাৰে পুনৰ মুখ খুলিলে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । উল্লেখ্য যে এন চি ই আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাসৰ পাঠ্যক্ৰম আঁতৰ কৰা কাৰ্যক সমৰ্থন কৰিবলৈ গৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুটুবমিনাৰ ভাঙি তাত মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছিল । বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই বক্তব্যক বিৰোধীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কেইবাগৰাকীও বিধায়কে বিধায়ক কুৰ্মীক পাগল আখ্যা দিয়ে (Mughal empire NCERT syllabus controversy)।

বুধবাৰে বিধানসভা চৌহদত বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘মই হাফ পাগলো নহয় আৰু ফুল পাগলো নহয় । কিন্তু মোক পাগল বুলি কোৱাসকল আচলতে চেৰা পাগল । মই ফুল পাগল নহয় বাবে খেলত বেষ্ট ফিল্ডাৰ পাইছোঁ।’’ তেওঁ লগতে কয় যে, তেওঁক সমালোচনা কৰাসকল মিঞাৰ সমৰ্থক । তাজমহল প্ৰসংগত মন্তব্য আগবঢ়াবলৈ গৈ তেওঁ কয় যে ছাহজাহানে ভাৰতৰ ৰজাসকলৰ ধন-সম্পদ চুৰি-ডকাইতি কৰি তাজমহল নিৰ্মাণ কৰিছিল (MLA kurmi commented on Mughal history) ।

তদুপৰি, প্ৰেমৰ কীৰ্তিস্তম্ভ তাজমহল সন্দৰ্ভত পুনৰ মতামত ব্যক্ত কৰি কয় যে, ছাহজাহানে পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰোৱাইছিল । পত্নী মমতাজৰ প্ৰেমত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল যদিও মমতাজৰ মৃত্যুৰ পিচত আৰু তিনিগৰাকীক বিয়া কৰাইছিল । যদি সঁচাই প্ৰেম আছিল তেন্তে ছাহজাহানে মমতাজৰ পাছত আৰু তিনিগৰাকীক কিয় বিয়া কৰাইছিল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিষয়টোৰ তদন্ত দাবী কৰে (Rupjyoti kurmi demand a temple against Taj Mahal) ।

বিধায়ক কুৰ্মীয়ে লগতে তাজমহল থকাটো বিচাৰে নে নাই সেয়া ৰাইজে বিচাৰ কৰিব বুলি উল্লেখ কৰে । আনহাতে বিধায়কগৰাকীক পাগল আখ্যা দিয়া সন্দৰ্ভত ৰাস্তাৰে হাতী গৈ থাকিলে কুকুৰে ভুকিবই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক : NCERT syllabus controversy:ৰূপজ্যোতি কুৰ্মীক 'পাগল' আখ্যা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.