ETV Bharat / state

নিৰ্বাচনত বিপৰ্যয়ে মানসিক শাস্তিত ভোগাইছে কংগ্ৰেছক: ৰেকিবুদ্দিন আহমেদ - Rekibuddin Ahmed on GMC election 2022

কংগ্ৰেছৰ ধাৰাবাহিক পৰাজয়ৰ প্ৰসংগত এইবাৰ মাত এষাৰ দিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ এই পৰাজয়ত কষ্ট পোৱাৰ কথা স্বীকাৰ কৰে বিধায়কগৰাকীয়ে ৷ বিপৰ্যয়ে যে মানসিক শাস্তি দিয়ে সেই কথা প্ৰকাশ কৰি বিধায়কগৰাকীয়ে ক’লে কংগ্ৰছৰ পৰা টিকট পাবলৈ মানুহে কান্দি আছে ৷

Rekibuddin Ahmed on GMC election 2022
নিৰ্বাচনত বিপৰ্যয়ে মানসিক শাস্তিত ভুগাইছে কংগ্ৰেছক: ৰেকিবুদ্দিন আহমেদ
author img

By

Published : Apr 26, 2022, 9:41 PM IST

গুৱাহাটী, ২৬ এপ্ৰিল: ‘‘নিৰ্বাচনত পৰাজয়ে কষ্ট দিয়ে । নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে কষ্ট পায় বিপৰ্যয় হ’লে । বিপৰ্যয়ে মানসিক শাস্তিত ভোগায় ৷’’ এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ । মঙলবাৰে সংবাদমাধ্যত তেওঁ কয় যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে যি ফলাফল লাভ কৰিলে তাৰ পৰা কংগ্ৰেছে শিকিবলগীয়া আছে (Rekibuddin Ahmed on GMC election 2022)। দলৰ মাজত আমাৰ দোষ-গুণ আলোচনা কৰি দলটো শক্তিশালী কৰিব লাগিব ।

নিৰ্বাচনত বিপৰ্যয়ে মানসিক শাস্তিত ভুগাইছে কংগ্ৰেছক: ৰেকিবুদ্দিন আহমেদ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত হাৰিলো বুলিয়েই কংগ্ৰছ শেষ হৈ যাব বুলি ভাবিব নালাগে বুলি মন্তব্য ৰেকিবুদ্দিন আহমেদৰ । লগতে তেওঁ কয়, পৌৰ নিগমৰ নিৰ্বাচনত হাৰিলো বুলিয়ে পঞ্চায়ত নিৰ্বাচন, লোকসভা, বিধানসভা নিৰ্বাচনত হাৰিম বুলি ভাবিব নালাগে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা স্থানত কোনো সাংসদ নাইবা বিধায়ক নাই কংগ্ৰেছৰ । আপ কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হ’ব নে নাই সেয়া সময়েহে ক’ব বুলি মন্তব্য কৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে ।

কংগ্ৰেছ দল ত্যাগ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত খৰ্গহস্ত হৈ ৰেকিবুদ্দিনক লৈ চিন্তা কৰিব নালাগে বুলি উত্তৰ দিয়ে । কংগ্ৰেছ এৰি যিসকল যাবলগীয়া আছে তেওঁলোক যাওক (Congress leader quits party)। নতুন মানুহ ল’ম, কংগ্ৰছৰ পৰা টিকট পাবলৈ মানুহে কান্দি আছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৰেকিবুদ্দিন আহমেদে ৷

লগতে পঢ়ক: জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে : বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.