ETV Bharat / state

ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ অসন্তুষ্ট বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা - ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ

পশ্চিম বৰাগাঁৱৰ হাউছফেডৰ প্ৰায় 60 বিঘা মাটিক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ এই স্থানতে বিগত প্ৰায় এক সপ্তাহ ধৰি আৱৰ্জনা পেলাই অহা কাৰ্যৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইতিমধ্যে চৰকাৰী সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

ramendra narayan kalita reaction on dipor bil dumping ground
দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা
author img

By

Published : Aug 17, 2021, 2:20 PM IST

গুৱাহাটী, 17 আগষ্ট : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ(National Green Tribunal)ৰ নীতি-নিৰ্দেশনা উলংঘা কৰি দীপৰ বিল(Dipor Bil)ৰ কিছু নিলগত পশ্চিম বৰাগাঁৱৰ হাউছফেডৰ প্ৰায় 60 বিঘা মাটিক ডাম্পিং গ্ৰাউণ্ড(Dumping Ground)লৈ পৰিণত কৰিছে গুৱাহাটী পৌৰ নিগমে(Guwahati Municipal Corporation) ৷

এই স্থানতে বিগত প্ৰায় এক সপ্তাহ ধৰি আৱৰ্জনা পেলাই অহা কাৰ্যৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই(Ramendra Narayan Kalita) । ইতিমধ্যে চৰকাৰী সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডাম্পিং গ্ৰাউণ্ডৰ স্থান পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰে মত-বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় ।

ramendra narayan kalita reaction on dipor bil dumping ground
দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

সংবাদ মাধ্যমৰ আগত বিধায়ক কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "যি স্থানত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি আৱৰ্জনা পেলাই অহা হৈছে ৷ তাৰ লগতে আছে দীপৰ বিল সংযোগী পামহী কেনেল । তদুপৰি আছে ইনষ্টিটিউট অৱ এডভাঞ্চ চায়েঞ্চ এণ্ড টেকন’লজী, আসাম ইনষ্টিটিউট অৱ মেনেজমেণ্ট, ৰাজ্য চৰকাৰৰ হস্ততাঁত বিভাগৰ শিপিনী নগৰ, আসাম ষ্টেট ৱেৰ হাউছ কৰ্প’ৰেশ্যনৰ গুদামঘৰৰ উপৰিও অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে 100 বিঘা মাটিত নিৰ্মাণ কৰি থকা শ্বহীদ স্মৃতি উদ্যান" ।

লগতে পঢ়ক : কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

"তাত পেলোৱা আৱৰ্জনাসমূহ দীপৰ বিল সংযোগী পামহী কেনেলত পৰাৰ ফলত ইতিমধ্যে বিলৰ পানী পুনৰ প্ৰদূষিত হৈছে । গতিকে এনে স্পৰ্শকাতৰ স্থানত আৱৰ্জনা পেলোৱা সিদ্ধান্ত বাতিল কৰিবলৈ মই স্থানীয় বিধায়ক হিচাপে গুৱাহাটী পৌৰ নিগমক আহ্বান জনাইছো । ইতিমধ্যে মই ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিষয়টো অৱগত হোৱাৰ লগে লগে 13 আগষ্টৰ সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ক সাক্ষাৎ কৰিছো" ।

লগতে তেওঁ কয় যে, "মুখ্যমন্ত্ৰীয়ে পৰিৱেশৰ ক্ষতিসাধন কৰি কোনো ধৰণৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা নহয় বুলি জনাইছে । মই সদায় ৰাইজৰ সৈতে থাকিম" । দীপৰ বিল পৰিদৰ্শন কালত বিধায়ক কলিতাৰ সৈতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউঞ্চিলৰ ভূপেন ঠাকুৰীয়া, উৎপল কুমাৰ দাস, প্ৰমোদ কলিতা, ধীৰাজ টুমুং, পবিত্ৰ দাসকে ধৰি কেবাজনো স্থানীয় লোক ।

স্থানীয় ৰাইজে দীপৰ বিলৰ সমীপত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল নকৰিলে পুনৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত গোচৰ দাখিল কৰাৰ লগতে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : ৰাইজৰ দলত যোগদান : ক্ৰমান্বয়ে শক্তিশালী হৈছে ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.