গুৱাহাটী, 9 এপ্ৰিল : লক ডাউনৰ সময়ছোৱাত চৰকাৰে বিতৰণ কৰা সাহাৰ্যৰ নামত ৰাজনীতি কৰা বুলি বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অভিযোগ উত্থাপন কৰিছিল । সাহাৰ্য সামগ্ৰী কেৱল গেৰুৱাবাহিনীৰ সমৰ্থকে লাভ কৰাৰো গুৰুতৰ অভিযোগ আনিছিল বিৰোধী পক্ষই । কিন্তু এই অভিযোগক ভিত্তিহীন আখ্যা দি "জিলা প্ৰশাসনক সাহাৰ্য সামগ্ৰী বিতৰণৰ দায়িত্ব দিয়া হৈছে, ইয়াত কোনো ধৰণৰ ৰাজনীতি হোৱা নাই" বুলি সাংবাদিক আগত মন্তব্য কৰে চৰকাৰৰ মিত্ৰদলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷
তাৰোপৰি কংগ্ৰেছে মুখ্যমন্ত্ৰীক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা ক্ষেত্ৰত চৰকাৰে সকলো দলৰ লগতে আলোচনা মৰ্মে কাম কৰি আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । ইফালে জনপ্ৰতিনিধিয়ে সাম্প্ৰদায়িক মন্তব্য নকৰি সমাজক একগোট কৰাৰ প্ৰচেষ্টা চলাব লাগে বুলিও বিৰোধী দলক উভতি ধৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷