নিউজ ডেস্ক,29 মে’: ইউপিপিএলৰ তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক বিয়োগ ৷ গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ পৰা জয়ী হৈ আহিছিল প্ৰাৰ্থীগৰাকী ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷
বিধায়ক বড়োৰ মৃত্যুত বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিধায়ক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ বিডিঅ’ হিচাপে চাকৰিত যোগ দিয়াৰ আগতে বড়োৱে শিক্ষকতা কৰিছিল ৷ ইয়াৰ লগতে এগৰাকী কুইজ পৰিচালক হিচাপেও জনপ্ৰিয় আছিল বিধায়ক লেহোৰাম বড়ো ।
তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত কৰা ৰেপিড টেষ্টত বিধায়ক গৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল । পিছলৈ বিধায়ক গৰাকীৰ অক্সিজেন লেভেল হ্ৰাস পোৱাৰ লগতে আন শাৰিৰীক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে, তিনিদিন পূৰ্বে বিপিএফৰ গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ ক'ভিড 19 ত মৃত্যু হৈছিল ।
লগতে চাওকঃ স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা