ETV Bharat / state

Ambedkar statue in Janata Bhawan:আম্বেদকাৰৰ প্ৰতিমূৰ্তি ঢাকি পেলোৱাক লৈ প্ৰতিবাদ কমলাক্ষ দে'ৰ - বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি

জনতা ভৱনত প্ৰৱেশৰ পথটো বন্ধ কৰি দেৱাল দিয়াত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিটো নেদেখা হোৱাত ক্ষোভ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ । জনতা ভৱনৰ চৌহদত প্ৰতিবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

Protest in Janata Bhawan premises
বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ
author img

By

Published : Aug 11, 2023, 7:29 PM IST

বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

গুৱাহাটী, ১১ আগষ্ট: পুনৰ জনতা ভৱনৰ চৌহদত প্ৰতিবাদ বহিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ। এইবাৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি দেৱাল দি ঢাকি পেলোৱাক লৈ প্ৰতিবাদত বহিল বিধায়কগৰাকী । উল্লেখ্য যে জনতা ভৱনত প্ৰৱেশ কৰাৰ ২নং গেট বন্ধ কৰি তাত দেৱাল দিয়া হৈছে । এই দেৱাল দিয়াৰ ফলত জনতা ভৱন চৌহদৰ ২নং গেটৰ সমীপত থকা সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি ঢাক খাই পৰিছে ।

দেৱাল দিয়াৰ পূৰ্বে প্ৰতিমূৰ্তি ৰাস্তাৰ পৰা দেখা পোৱা গৈছিল । কিন্তু জনতা ভৱনত প্ৰৱেশৰ পথটো বন্ধ কৰি দেৱাল দিয়াত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিটো নেদেখা হৈ পৰিছে । যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি প্ৰতিবাদত বহিল বিধায়কগৰাকী । তেওঁ কয় যে জানিব পৰা মতে, মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ বাবে দেৱাল দিয়া হৈছে । নিৰাপত্তাৰ নামত সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্ত্তি ঢাকি দিয়াটো কেতিয়াও মানি ল'ব নোৱাৰি । লাগিলে মূৰ্ত্তিৰ পাছফালে দেৱাল দিয়ক বুলি তেওঁ কয়।

তেওঁ লগতে কয় যে মুখ্যমন্ত্রী বৰ্ত্তমান তেওঁৰ নিজৰ নিৰাপত্তাক লৈ উদ্বিগ্ন । সংবিধান প্ৰণেতা গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ কাষত এনেদৰে দেৱাল দি গণতন্ত্ৰ শেষ কৰিব বিচৰা হৈছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে মুখ্যমন্ত্রী আৰু বিজেপিৰ নেতাসকল অনুসূচিত জাতি বিৰোধী । দেৱাল দিয়াৰ এই কথাই ইয়াকে প্ৰমাণ কৰে বুলি তেওঁ কয় । বিজেপিৰ শাসনকালত বৰ্ত্তমান দেশত গণতন্ত্ৰ নাই বুলি উল্লেখ কৰি তেওঁ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মূখত নিৰ্মাণ কৰা দেৱালখন ভাঙি দিয়াৰ তেওঁ দাবী জনায় । বাস্তুশাস্ত্র অনুসৰি দেৱালখন দিয়া হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মুখ্যমন্ত্রীয়ে নিজৰ ঘৰত বাস্তুশাস্ত্র প্ৰয়োগ কৰক, সংবিধান প্ৰণেতাক লৈ কৰিব নালাগে । এই কাৰ্যৰ বিৰোধীতা কৰা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:AASU Protest in Chamata:বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে নলবাৰীত গৰজি উঠিল আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.