ETV Bharat / state

Kamalakhya Dey Purkayastha: ডিচেম্বৰৰ প‍াছত ভূমিকম্প হ’ব বিজেপিত, নাইকিয়া হৈ যাব দল : কমলাক্ষ দে' পুৰকায়স্থ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 7:49 PM IST

ডিচেম্বৰৰ প‍াছত বিজেপিত ভূমিকম্প আহিব আৰু দলটো নাইকিয়া হৈ যাব । এই মন্তব্য বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থৰ ৷ আনহাতে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ সন্দৰ্ভতো মন্তব্য কৰে পুৰকায়স্থই ৷

Kamalakhya Dey Purkayastha
বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ সংবাদমেল

গুৱাহাটী, ১২ অক্টোবৰ: বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ সহমততো উপনীত হৈছে বিৰোধী ঐক্য মঞ্চ । কিন্তু এই সহমতৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ এখন প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাক লৈ বিৰোধী ঐক্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে বুধবাৰে নিশা কংগ্ৰেছৰ ৮৪ জনীয়া এখন প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা ৰাজহুৱা হয় । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা বিৰোধী ঐক্য মঞ্চৰ একতা সুদৃঢ় হোৱাৰ পূৰ্বেই প্ৰকাশ পোৱা কংগ্ৰেছৰ এই তালিকাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে । অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই প্ৰাৰ্থী তালিকা সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে ।

কিন্তু সভাপতিৰ এনে অজ্ঞতাৰ বিপৰীতে কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই তালিকাখনক নসাৎ কৰা নাই । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ তালিকাক লৈ বিৰোধী ঐক্য মঞ্চৰ আন দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰা হৈছিল । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সকলো দলেই নিজৰ নিজৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব পাৰে । তাত কাৰো কোনো আপত্তি নাই বুলি সদৰী কৰি তেওঁ কয় যে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হোৱা নাই । যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী দিয়া হ'ব । বিৰোধী দলসমূহৰ মাজত আলোচনা হ'ব আৰু সকলোৰে সন্মতি সাপেক্ষে প্ৰাৰ্থী দিয়া হ'ব বুলি তেওঁ কয় । বৰ্তমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকা সকলো দলেই প্ৰকাশ কৰিব পাৰে ।

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজৰ পৰা টিকট দিয়াৰ বিষয়টো এ আই চি চিৰ পৰা হয় বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছত বিজেপিৰ দৰে এজনৰ দ্বাৰা সকলো নহয় । কংগ্ৰেছত সকলোৰে নিজৰ কথা ৰখাৰ অধিকাৰ আছে । বিভিন্ন দিশ চালি-জাৰি চাই কংগ্ৰেছত প্ৰাৰ্থী বাচনি কৰা হয় বুলি তেওঁ কয় । বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগত তেওঁ কয় যে কোনোবাই বিচাৰিলেই টিকট নাপায়, আলোচনাৰ মাধ্যমেৰেহে টিকট দিয়া হ'ব ।

তেওঁ লগতে কয় যে ডিচেম্বৰৰ প‍াছত বিজেপিত ভূমিকম্পৰ আহিব আৰু দলটো নাইকিয়া হৈ যাব । উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলেই তৎপৰ হৈ পৰিছে । এই তৎপৰতাৰ মাজতে কংগ্ৰেছৰ ১৪ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্বৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলৰ নামৰ তালিকা প্ৰকাশ পাইছে । বৰ্তমানলৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এই তালিকা সন্দৰ্ভত স্পষ্টভাৱে মুখ খোলা নাই । লক্ষ্যণীয় বিষয় যে বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত দলটোৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ নামৰ বিষয়ে আলোচনা কৰা হয় ।

এই বৈঠকৰ পাছতে ৮৪ জনীয়া এখন ৰহস্যজনক তালিকা প্ৰকাশ পায় । তালিকা অনুসৰি কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈৰ নাম উল্লেখ কৰা হৈছে । সেইদৰে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ মুঠ ১২ গৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নামৰ প্ৰস্তাৱ কৰা হৈছে । ধুবুৰী আৰু বৰপেটাত সাংসদ আব্দুল খালেকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । আব্দুল খালেকৰ সৈতে ধুবুৰীত ৰকিবুল হুছেইনৰ নাম সাম্ভাব্য প্ৰাৰ্থীৰ তালিকাত আছে । সেইদৰে কংগ্ৰেছে বৰপেটা সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীৰ নামৰ প্ৰস্তাৱ দিছে । বৰপেটা সমষ্ঠিৰ বাবে আব্দুল খালেকৰ সৈতে জাকিৰ হুছেইন শিকদাৰৰ নাম দিয়া হৈছে ।

ইফালে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীৰ নামৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াতে মানস বৰাৰ সৈতে ববিতা শৰ্মা, মীৰা বৰঠাকুৰ, ৰমেন বৰঠাকুৰ আৰু দ্বীজেন শৰ্মাৰ নাম অন্তৰ্ভুক্ত আছে । নগাঁও সমষ্টিৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ৰকিবুল হুছেইনৰ নাম দিয়া হৈছে ।

একেদৰে শোণিতপুৰত কংগ্ৰেছৰ ৬ প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰা হৈছে । য’ত পৱন সিং ঘাটোৱাৰ, আৰ পি শৰ্মা আৰু অভিজিৎ হাজৰিকাৰ নাম আছে । লখিমপুৰ সমষ্টিত ৰাণী নৰহে পুনৰ টিকট বিচাৰিছে । লখিমপুৰ সমষ্টিত ৰাণী নৰহৰ সৈতে ৰামান্না বৰুৱা, পদ্মেশ্বৰ দলেসহ ছয়গৰাকীৰ নাম আছে ।

তালিকা অনুসৰি ডিব্ৰুগড়ত বিপুল গগৈ আৰু ৰাজু চাহুৰ নাম আৰু যোৰহাটত মনজিৰ গগৈৰ সৈতে দুই মহিলা প্ৰাৰ্থী বনশ্ৰী গগৈ আৰু মামনি গগৈৰ নাম আছে । অৱশ্যে কংগ্ৰেছৰ এই প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা সন্দৰ্ভত কোনো কথা স্পষ্ট হোৱা নাই যদিও বিৰোধী ঐক্যমঞ্চত এই তালিকাই বিশেষ প্ৰভাৱ পেলাইছে ।

লগতে পঢ়ক: Kamalakhya Dey Purkayastha : বলিষ্ঠ মন্ত্রী পীযুষ হাজৰীকাই চলাই আছে সকলো ছিণ্ডিকেট, ক’লে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.