ETV Bharat / state

Debabrata Saikia: বিৰোধী ঐক্যৰ 'INDIA' নাম সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - INDIA

INDIA বুলি ক’লে ভাৰতৰ ধাৰণাটো ব্যাপক অৰ্থত প্ৰকাশ পায়- এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ বিৰোধী ঐক্যৰ নাম INDIA ৰখাক লৈ শাসকীয় দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাক লৈ এই কথা উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ৷

Debabrata Saikia
Debabrata Saikia
author img

By

Published : Jul 19, 2023, 7:38 PM IST

বিৰোধী ঐক্যৰ 'INDIA' নাম সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 19 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত আৰু মঙলবাৰে কংগ্ৰেছ দলকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ মাজত গঠিত হোৱা ‘INDIA’ নামৰ মিত্ৰজোঁটৰ সন্দৰ্ভত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷

বিৰোধীৰ ঐক্যক INDIA নামাকৰণ কৰাক লৈ বিজেপি দলে কৰা সমালোচনাক হাস্যকৰ বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, ‘‘এই নামটো যুক্তিসংগত হৈছে । বিজেপি দলেও ভোট ফৰ ইণ্ডিয়া বুলি লিখে । এই ক্ষেত্ৰত সমালোচনা কৰিবলগীয়া নাই । ইণ্ডিয়া বুলি ক’লে ভাৰতৰ ধাৰণাটো ব্যাপক অৰ্থত প্ৰকাশ পায় ।’’

ইফালে তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত কয় যে বৰ্তমানৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ ফলত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী লাভান্বিত হ'ব ৷ বিৰোধী দলসমূহৰ যথেষ্ট ক্ষতি হ'ব । এই প্ৰক্ৰিয়াটোৰ প্ৰতি সন্দেহৰ উদ্ৰেক ঘটোৱাৰ লগতে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাৰ প্ৰতিও প্ৰশ্ন উত্থাপিত কৰিছে আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত সকলোবোৰ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ কয় যে ধৰ্মৰ ভিত্তিত ভাৰত বা অসম গঠিত হোৱা । ভাষাৰ ভিত্তিত ভাৰত বা অসম গঠিত হৈছে ।‌ কিন্তু বিজেপি দলে ভাষাৰ ভিত্তিত ভাৰত বা অসম গঠন হোৱা ধাৰণাক নস্যাৎ কৰিব খোজে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় বিৰোধী ঐক্যৰ নাম INDIA হিচাপে নামকৰণ কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ইয়াৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো তেওঁৰ টুইটাৰ আৰু ফেচবুকৰ পৰিচয়ত INDIAৰ সলনি BHARAT লিখা দেখিবলৈ পোৱা গ’ল ৷ ইফালে, গুৱাহাটীত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৱাহাটীত আজিৰে পৰা তিনিদিনীয়াকৈ শুনানি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷

লগতে পঢ়ক: Constituency Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত বিভিন্ন দল-সংগঠনৰ ওজৰ-আপত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.