ETV Bharat / state

জনতাক কমকৈ মিঠাতেল ব্যৱহাৰৰ পৰামৰ্শ বিধায়ক অতুল বৰাৰ

author img

By

Published : Apr 30, 2022, 9:06 AM IST

মূল্যবৃদ্ধিক লৈ উত্তাল ৰাজ্য(Protest against price hike) ৷ কিন্তু মূল্যবৃদ্ধি সম্পৰ্কে যেন কোনো কথা গাতেই লগা নাই শাসকীয় পক্ষৰ ৷ শুকুৰবাৰে মহানগৰীত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কমকৈ মিঠাতেল ব্য়ৱহাৰ কৰাৰ পৰামৰ্শ(MLA Atul Bora advises less use of mustard oil) দিয়ে ৷

mla-atul-bora-advises-less-use-of-mustard-oil
বিধায়ক অতুল বৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য

গুৱাহাটী, 30 এপ্ৰিল : পেট্ৰ’ল-ডিজেলৰ পিছত ৰাজ্যত এইবাৰ অস্বাভাৱিকভাৱে বৃদ্ধি(Protest against price hike) হৈছে মিঠাতেলৰ দাম ৷ প্ৰতিটো মিঠাতেলৰ ব্ৰেণ্ডত সৰ্বাধিক ৫-৩৫ টকা পৰ্যন্ত বৃদ্ধি হৈছে ৷ যাৰ ফলত অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা ৷ পিছে মূল্যবৃদ্ধিৰ জুয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে দিছপুৰৰ এগৰাকী জনপ্ৰতিনিধিৰ মিঠাতেলক লৈ কৰা উদ্ভৱ মন্তব্যই এতিয়া চকু কপালত তুলিছে সকলোৰে ৷

সমষ্টিটোৰ বিধায়ক অতুল বৰাই কয় যে, "মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ ৰাইজে মিঠাতেল কমকৈ খাওক ৷ পূৰ্বতে এক লিটাৰ মিঠাতেল কিনা লোকজনে এতিয়াৰ পৰা 500 গ্ৰাম মিঠাতেল কিনাৰ অভ্যাস কৰক ৷ 500 গ্ৰাম কিনা লোকজনে 250 গ্ৰাম কিনক ৷ তেতিয়া চাব বজাৰত মিঠাতেলৰ দাম এনেয়ে কমি যাব বুলি উদ্ভৱ মন্তব্য(MLA Atul Bora advises less use of mustard oil) কৰে ৷ তাৰোপৰি মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ ঘৰুৱা শাক-পাচলি খোৱাৰ অভ্যাস কৰিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

বিধায়ক অতুল বৰাৰ

আনহাতে, কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক বৰাই কয়, কংগ্ৰেছ এতিয়া নেতৃত্ববিহীন দল ৷ দলটোত থকা সাংসদ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ ওপৰতহে বিধায়কগৰাকীয়ে আস্থা থকা বুলিও ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, কংগ্ৰেছ দল এতিয়া জোনাকী পৰুৱাৰ দৰে লাহে লাহে আগবাঢ়ি আছে ৷

"অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনৰ পূৰ্বে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা কৰে ৷ কিন্তু এটা ৱাৰ্ডতো জিকিব নোৱাৰাত মোৰ দুখ লাগিছে" বুলিও কংগ্ৰেছক কটাক্ষ(MLA Atul Bora criticize Congress) কৰে বিধায়ক বৰাই ৷

উল্লেখ্য যে, শুকুৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত জিয়াজুৰি ভৱনত আয়োজন কৰা বিজয় উৎসৱত অংশগ্ৰহণ কৰি বিধায়ক অতুল বৰাই বিগত পৌৰ নিগমৰ নিৰ্বাচনত জয় লাভ কৰা দিশপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে চাওক: মুকলি আকাশৰ তললৈ আহি জিগনেশ মেৱানীয়ে দেখুৱালে পুষ্পাৰ ভংগিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.