ETV Bharat / state

মৃত কংগ্ৰেছৰ লগত যুজঁ কৰি সময় নষ্ট নকৰে এ আই ইউ ডি এফে: বিধায়ক আমিনুল ইছলাম - কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা

কংগ্ৰেছক মৃতপ্ৰায় দল আখ্যা দিলে বিধায়ক আমিনুল ইছলামে । বিধায়কগৰাকীৰ মতে মৃতপ্ৰায় দল এটাৰ লগত যুজঁ-বাগৰ কৰি, তৰ্কাতৰ্কি কৰি এ আই ইউ ডি এফে পৰিশ্ৰমো নকৰে আৰু শক্তি ক্ষয়ো নকৰে । আগন্তুক কেইবছৰ মানৰ ভিতৰতে কংগ্ৰেছ সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব (MLA Aminul Islam criticises Congress)।

MLA Aminul Islam criticises Congress
মৃত কংগ্ৰেছৰ লগত যুজঁ কৰি সময় নষ্ট নকৰে এ আই ইউ ডি এফে
author img

By

Published : Apr 9, 2022, 4:34 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: কংগ্ৰেছ এতিয়া এটা মৃতপ্ৰায় দল । আগন্তুক কেইবছৰ মানৰ ভিতৰতে কংগ্ৰেছ সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব । গতিকে কংগ্ৰেছৰ লগত যুজঁ-বাগৰ কৰি, তৰ্কাতৰ্কি কৰি এ আই ইউ ডি এফে পৰিশ্ৰমো নকৰে আৰু শক্তি ক্ষয়ো নকৰে । কংগ্ৰেছ দলৰ প্ৰতি এই তীৰ্যক বাক্যবাণ নিক্ষেপ কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam criticises Congress)।

মৃত কংগ্ৰেছৰ লগত যুজঁ কৰি সময় নষ্ট নকৰে এ আই ইউ ডি এফে

সৌ সিদিনালৈকে ডিঙিত ধৰাধৰিকৈ ভোট বিচাৰি ফুৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত ইতিমধ্যে ফাঁট মেলিছে (Clash between Congress and AIUDF) । ৰাজ্যসভা নিৰ্বাচনত কোনে কাক বিস্বাসঘাতকতা কৰিলে তাকে লৈ দুয়োটা দলৰ মাজত অভিযোগ প্ৰতিঅভিযোগ আজিও অব্যাহত আছে । ইয়াৰ মাজতে শনিবাৰে আমিনুল ইছলামে এইদৰে পুণৰ আক্ৰমণ কৰে কংগ্ৰেছক । তেওঁ কয় যে অসমৰ ৰাজনীতিৰ পৰাই খুউব শীঘ্ৰে কংগ্ৰেছ নিঃচিহ্ন হৈ যাব । কংগ্ৰেছৰ স্থানত থাকিব অন্য কোনো ৰাজনৈতিক দল । বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে যিকেইখন আসন লাভ কৰিলে সেয়াও সম্ভৱ হৈছিল কেৱল মহাজোঁটৰ বাবেহে ।

আগন্তুক দিনত এ আই ইউ ডি এফৰ প্ৰধান প্ৰতিদ্বন্দী বা ৰাজনৈতিক শত্ৰু বিজেপিহে হব, কংগ্ৰেছ নহয় । এইদৰেও দাবী কৰে এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে । মনকৰিবলগীয়া যে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছৰে পৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজৰ যুজঁখন তুংগত উঠিছে । ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ আইনী জাননীও প্ৰেৰণ কৰিছে (Legal notice to AIUDF MLA)।

বৰভূঞাই অভিযোগ কৰিছিল যে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ সাত আঠগৰাকী বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিছিল । দেৱব্ৰত শইকীয়াই প্ৰেৰণ কৰা আইনী জাননীখনত এই অভিযোগৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ কৰিমুদ্দিন বৰভূঞাক এসপ্তাহৰ সময় ধৰি দিয়া হৈছে ।

লগতে পঢ়ক: তেলীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.