ETV Bharat / state

বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ - পৌৰসভা নিৰ্বাচনত ৰাইজৰ দল

‘‘টকা, মদ, মাংস তথা বিজেপিৰ লেতেৰা ৰাজনীতিৰ সন্মুখত আমি হাৰিছোঁ ৷ বিজেপি টকাৰ জোৰত জয়ী হৈছে ৷’’ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi reacts on Assam election result) ৷

Akhil Gogoi reacts on Assam election result
বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ
author img

By

Published : Mar 11, 2022, 5:03 PM IST

গুৱাহাটী, ১১ মাৰ্চ: নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অহা 10 মে, 2022 ৰ ভিতৰত 1 লাখ নিবনুবাক নিযুক্তি দিয়াৰ দাবী তুলি ৰাইজৰ দলে শুকুৰবাৰে চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী গ’ বেক, শীঘ্ৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়ক, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক আদিকে ধৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লো-গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, ২০২১ চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলে চৰকাৰ গঠনৰ হ’লে এমাহৰ ভিতৰতে এক লাখ নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দিছিল (One lakh job assurance)। কিন্তু আজি দহ মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰখনে এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । 1 লাখ নিবনুবাক চৰকাৰে নিযুক্তি দিয়াৰ দাবী তুলি চলিত বৰ্ষৰ 1 মাৰ্চত শিৱসাগৰৰ পৰা আৰম্ভ কৰা নিযুক্তি আন্দোলন ব্যপক ৰূপত চলিব বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কয়, এতিয়াৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহে সপ্তাহে নিযুক্তি আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । তাৰোপৰি সমাগত অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনতো বিজেপিৰ 1 লাখ নিবনুৱাৰ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ

ইফালে এইবাৰ পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলৰ বিফলতাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয়(Akhil Gogoi reacts on Assam municipal election result) যে, ‘‘পৌৰসভা নিৰ্বাচনত আমাৰ পৰাজয় আমি স্বীকাৰ কৰিছোঁ । কিন্তু আমি হাৰিছোঁ টকা, মদ, মাংস তথা বিজেপিৰ লেতেৰা ৰাজনীতিৰ বাবে । বিজেপিয়ে টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে ৷ শিৱসাগৰত টকা, মদ বিলাই ভোট লোৱা নিজেই দেখিছো ।’’

আনহাতে মাজুলীৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ ব্যৰ্থতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয়, ‘‘পৰাজয় হলেও আমি বিৰোধী শক্তি একেলগ হৈ যুঁজ দিছো । কিন্তু চৰকাৰত থকা দল এটাক 8 মাহতে উপ-নিৰ্বাচনত হৰুৱাটো সহজ নহয় । তথাপিও চিত্ত বসুমতাৰীয়ে যথেষ্ট ভোট পাইছে । ই আমাৰ বাবে ভাল খবৰ ।’’

লগতে পঢ়ক: এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.