ETV Bharat / state

Constituency Delimitation 2023 : মই যুঁজি আছো গব্বৰ সিঙৰ লগত ওলাইছেহি ছাম্বা; কিয় ক’লে অখিল গগৈয়ে - অসমত সমষ্টিৰ পুনঃনিৰ্ধাৰণ

নিজৰ পচন্দ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰিছে ৷ কেৱল খিলঞ্জীয়াক ধ্বংস কৰাৰ প্ৰৱণতাৰে এই খচৰা প্ৰস্তুত কৰিছে ৷ সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

Constituency Delimitation 2023
নিজৰ পচন্দ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰিছে :অখিল গগৈ
author img

By

Published : Jun 24, 2023, 12:47 PM IST

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল

গুৱাহাটী, ২৪ জুন : অসমত সমষ্টিৰ পুনঃনিৰ্ধাৰণক লৈ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰা খচৰাখন সম্পূৰ্ণ ৰূপে নাকচ কৰিছে বুলি ঘোষণা ৰাইজৰ দলৰ ৷ এই প্ৰসংগক লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মন্তব্য- ‘‘ৰাইজৰ দলে নিৰ্বাচন আয়োগে তৈয়াৰ কৰা খচৰাক ১০০ শতাংশই নাকচ কৰিছে’’ ৷

শুকুৰবাৰে নিশা ৰাইজৰ দলৰ নেতাগৰাকীয়ে প্ৰত্যাহ্বান জনায় কয়, ‘‘খিলঞ্জীয়াৰ হাতত থাকিব বুলি কোৱা ১০২ টা সমষ্টিৰ নাম BJP য়ে ৰাজহুৱা কৰক’’ ৷ উল্লেখযোগ্য যে, শেহতীয়াভাৱে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰীকাই দাবী কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰা কাৰ্যকৰী হ’লে ৰাজ্যৰ ১০২ টা বিধানসভা সমষ্টি খিলঞ্জীয়াৰ দখলত থাকিব ৷

কিন্তু নিৰ্বাচন আয়োগৰ খচৰাৰ তীব্ৰ বিৰোধিতা কৰি অখিল গগৈয়ে খচৰাখন কাৰ্যকৰী হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰ কেনেকৈ ক্ষতিগ্ৰস্ত হ’ব তাৰো ব্যাখ্যা দাঙি ধৰে ৷ গগৈৰ মন্তব্য, ‘‘এই খচৰাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰণে কোঁচ ৰাজবংশীসকলক বঞ্চিত কৰিব ৷ বঙাইগাঁও সমষ্টিটো কোঁচ ৰাজবংশীসকলৰ হাতৰ পৰা বাংলাদেশীমূলৰ লোকক গতাই দিব খোজা হৈছে’’ ৷

অখিল গগৈয়ে আৰু কয়, ''এইখন খচৰা সম্পূৰ্ণ আহোম বিৰোধী ৷ আহোমসকল এই খচৰাক লৈ অসন্তুষ্ট’’ ৷ আনহাতে তিৱাসকলৰ কাৰণে থকা মৰিগাঁও বিধানসভা সমষ্টিত তিৱাসকলৰ প্ৰভাৱ হ্ৰাস কৰিবলৈহে চেষ্টা কৰিছে এই খচৰাই ৷ এয়া তিৱা বিৰোধী খচৰা বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

লগতে, প্ৰস্তাৱিত ডিমৰীয়া সমষ্টিৰ প্ৰসংগতো জনজাতীয়সকলৰ সংখ্যাগৰিষ্ঠতা থকা ডিমৰীয়া সমষ্টিটো অনুসূচীত জাতিৰ বাবে সুৰক্ষিত কৰিব খুজিছে ৷ এই সংৰক্ষণৰ বিপৰীতে আমাৰ কাৰ্বি, বড়ো বা সমষ্টিটোত বাস কৰা খিলঞ্জীয়া লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত বুলি কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

ইফালে বদৰুদ্দিন আজমলৰ সুবিধা হোৱাকৈ এই খচৰাত গুৰুত্ব দিয়াৰ পুনৰ এবাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৷ গগৈৰ মন্তব্য- ‘‘বদৰুদ্দিন আজমলক সন্তুষ্ট কৰিবলৈ গৈ অভূতপূৰ্বভাৱে ধুবুৰী লোকসভাত ১১ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্তি কৰিছে’’ ৷ অখিল গগৈয়ে খচৰাৰ নিজা বিশ্লেষণত কয় যে লখিমপুৰ সমষ্টিৰ ভিতৰুৱা অঞ্চলক নাওবৈচাৰ সৈতে সংযোগ কৰাত মিচিং ৰাইজ অসন্তুষ্ট হৈছে ৷

অখিল গগৈৰ দাবী, খিলঞ্জীয়াক ধ্বংস কৰাৰ প্ৰৱণতাৰে এই খচৰা প্ৰস্তুত কৰা হৈছে ৷ উজনিত মটক, আহোম, মিচিং, চাহ জনগোষ্ঠী আদিক অসন্তুষ্ট কৰি কেনেকৈ খিলঞ্জীয়াৰ হিতাৰ্থে এইখন খচৰা প্ৰস্তুত কৰা হৈছে বুলি ক’ব পাৰে ? এই প্ৰশ্ন ৰাইজৰ দলৰ নেতাগৰাকী ৷

আকৌ বিজেপিয়ে খিলঞ্জীয়া জাতি বুলি কোৱা গৰিয়া, মৰিয়া, দেশীসকলকো অসন্তুষ্ট কৰাৰ অভিযোগ তুলি অখিল গগৈৰ মন্তব্য, ‘‘হাজো, বৰক্ষেত্ৰী, পূব বিলাসীপাৰা আদিত তেওঁলোকৰ জনগোষ্ঠীয় লোক নিৰ্বাচনত উঠিব বা জিকিব নোৱাৰা কৰিব এইখন খচৰাই’’৷

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অখিলৰ প্ৰত্যাহ্বান - ‘‘কেৱল নিজৰ পচন্দ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰিছে ৷ তেওঁৰ চেনেলত বহি যুক্তি-তৰ্ক কৰিবলৈ মই সাজু । তেওঁ প্ৰমাণ কৰক ১০২ টা সমষ্টি কেনেকৈ খিলঞ্জীয়াৰ সমষ্টি হ’ল’’ ৷

মন্ত্ৰী পীযুষ হাজৰীকাই মায়ং সমষ্টি প্ৰসংগত অখিল গগৈক কৰা কটাক্ষৰ প্ৰত্যুত্তৰো দিলে অখিল গগৈয়ে, ‘‘মই যুঁজি আছো গব্বৰ সিঙৰ লগত, ওলাইছেহি ছাম্বা ৷ ছাম্বাৰ প্ৰশ্নৰ কি উত্তৰ দিম ?’’

উল্লেখ্যযোগ্য যে, খচৰা প্ৰকাশ পোৱা দিনাই দিল্লীৰ বিমান বন্দৰৰ পৰা ডিমৰীয়া সমষ্টিটোৰ পৰিৱৰ্তে মায়ং সমষ্টি বুলি উল্লেখ কৰিছিল অখিল গগৈয়ে ৷ কিন্তু এই মায়ং অঞ্চলটোহে প্ৰস্তাৱিত ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত হৈছে ৷ ইয়াকে লৈ কটাক্ষ কৰিছিল পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক : Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কাছাৰ জিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.