ETV Bharat / state

Akhil Gogoi criticizes Assam Govt: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব লগীয়া টানেলৰ দায়িত্ব লুই বাৰ্জাৰক নিদিবলৈ দাবী অখিল গগৈৰ - কা’ আন্দোলনৰ সময়ৰ গোচৰ

কা’ আন্দোলনৰ সময়ৰ গোচৰত পুনৰ এন আই এ আদালতত হাজিৰ বিধায়ক অখিল গগৈ ৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গগৈয়ে কয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমলৈ আহি পুনৰ পুৰণা কেছেট এখনকে বজালে । নুমলীগড়-গহপুৰলৈ নিৰ্মাণ হ'ব লগা ব্ৰহ্মপুত্ৰৰ টানেলটোৰ দায়িত্ব লুই বাৰ্জাৰক নিদিবলৈ দাবী গগৈৰ ৷

Akhil Gogoi criticized Assam Govt
কা’ আন্দোলনৰ সময়ৰ গোচৰত পুনৰ এন আই এ আদালতত হাজিৰ বিধায়ক অখিল গগৈ
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:28 PM IST

মোৰ ওপৰত জাপি দিয়া সন্ত্ৰাসবাদী গোচৰ ভিত্তিহীন : অখিল গগৈ

গুৱাহাটী, ১ নৱেম্বৰ : কা’ আন্দোলনৰ সময়ৰ গোচৰত পুনৰ এন আই এ আদালতত হাজিৰ বিধায়ক অখিল গগৈ । এন আই এ আদালতত হাজিৰ হোৱাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘‘উচ্চ ন্যায়ালয়ে কা আন্দোলনৰ গোচৰটো খাৰিজ কৰাৰ পাচত পুনৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আবেদন কৰি জাপি দিলে গোচৰটো । মোৰ ওপৰত জাপি দিয়া সন্ত্ৰাসবাদী গোচৰ ভিত্তিহীন । এন আই এ গোচৰটোৰ বাদে কা’ আন্দোলনৰ বাবে ৰাজ্যজুৰি প্ৰায় ৩৬ টা মান গোচৰ মোৰ বিৰুদ্ধে আছে’’ ।

তেওঁ আৰু কয়, ‘‘যোৰহাটতো কালি মই এনে গোচৰত আদালতলৈ গৈছিলো । চৰকাৰে লঘু গোচৰ বোৰ উঠাই ল'ম বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল । কিন্তু মোৰ ক্ষেত্ৰত ওলোটা হৈছে । চৰকাৰে গোচৰ জাপি দি মুখ বন্ধ কৰিব বিচাৰিছে । এই ক্ষেত্ৰত চৰকাৰ কেতিয়াও সফল নহয়’’ ।

আনহাতে, তেওঁ মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘কালি মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমলৈ আহি পুনৰ পুৰণা কেছেট এখনকে বজালে । নুমলীগড়-গহপুৰলৈ নিৰ্মাণ হ'ব লগা ব্ৰহ্মপুত্ৰৰ টানেলটোৰ বাবে পুনৰ লুই বাৰ্জাৰক দিয়াৰ কথা ক’লে মন্ত্ৰী নীতিন গাডকাৰীয়ে । সেই কোম্পানীটোৰ বিৰুদ্ধে এতিয়াও চি বি আই তদন্ত চলি আছে । অসমৰ মুখ্যমন্ত্ৰীও নিজেই সেই গোচৰটোত অভিযুক্ত’’ ।

তেওঁ কয়, ‘‘কেলেংকাৰী ঢাকিবৰ বাবে নতুন এটা উপহাৰ দিলে গাডকাৰীয়ে । সেই কোম্পানীটোক দায়িত্ব দি পুনৰ আন এটা আন এটা ভুল কৰিলে’’ । লুই বাৰ্জাৰক পুনৰ দায়িত্ব নিদিবলৈ অখিল গগৈয়ে দাবী জনায় চৰকাৰক । তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীক পুৰণি ঘাঁ ডোখৰ খজুৱাই খৰ কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো বিষয়টো পুনৰ কেন্দ্ৰ সৈতে আলোচনা কৰক যাতে এই দায়িত্ব লুই বাৰ্জাৰ নামৰ কোম্পানীটোৱে নাপায় ৷ নহ'লে আমি ভাবিলৈ বাধ্য হ'ম যে যি লুই বাৰ্জাৰ কেলেংকাৰীৰ যি অভিযোগ আছিল সেয়া অভিযোগ নহয়, সচাঁ আছিল বুলি’’ ।

লগতে পঢ়ক : Union Minister Nitin Gadkari : উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ উন্নয়ৰ বাবে 1 লাখ 37 হাজাৰ কোটি: নীতিন গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.