গুৱাহাটী, ২৯ মাৰ্চ: ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ শিবিৰত অব্যাহত আছে অস্থিৰতা । বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মতান্তৰ চলি আছে । মাজত মাত্ৰ এটা দিন থকাৰ পাছতো দুয়োটা দলৰ মাজত কোনো ধৰণৰ সুস্থিৰতা পৰিলক্ষিত হোৱা নাই ।
ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুন বৰাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে যদিও মতানক্য দূৰ হোৱা নাই । ইয়াৰ মাজতে মঙলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । তেওঁ কয় যে, তেওঁ ৰাজ্যসভা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাক ভোটদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ কয়- '‘পুনৰ এবাৰ আপোনালোকক স্পষ্টভাষাৰে জনাব বিচাৰিছোঁ যে, সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি চৰকাৰখনৰ জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আমি সৰ্বশক্তিৰে যুঁজ দি যাম ৷'’
তেওঁ কয় যে, কংগ্ৰেছক দিয়া ভোটতো যদি কংগ্ৰেছ দলে চাব বিচাৰে তেন্তে তেওঁ দেখুৱাবলৈ প্ৰস্তুত আছে (Akhil Gogoi supports congress in Rajya Sabha Election)। এইক্ষেত্ৰত থকা বাধাৰ কথাও তেওঁ উল্লেখ কৰি বিধায়কগৰাকীয়ে যিকোনো প্ৰকাৰে তেওঁৰ ভোটদানৰ সময়য়ত এজেন্ট ৰাখিবলৈ কংগ্ৰেছ দলক আহ্বান জনায় যাতে, অখিল গগৈয়ে ক’ত ভোট দিছে সেয়া কংগ্ৰেছে প্ৰত্যক্ষ কৰিব পাৰে ৷
লগতে পঢ়ক: বিধায়কক পি এছ অ' লগাৰ যুক্তি ভৱেশ কলিতাৰ