ETV Bharat / state

Robbery in Guwahati: পিষ্টল দেখুৱাই মহিলাৰ সোণৰ চেইন কাঢ়িলে দুৰ্বৃত্তই

মহিলাৰ বাবে বিপদজনক গুৱাহাটী মহানগৰী(Women in Guwahati are not safe) । দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা । পকেটত মাৰণাস্ত্ৰ লৈ ৰাজপথত ঘুৰিছে দুৰ্বৃত্তৰ দল । দিন দুপৰতে দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন (Miscreants snatch women gold chain) । ব্য়ৰ্থ মহানগৰ আৰক্ষী ।

author img

By

Published : Nov 7, 2022, 6:07 PM IST

Miscreants snatch women gold chain
পিষ্টল দেখুৱাই মহিলাৰ সোণৰ চেইন কাঢ়িলে দুৰ্বৃত্তই

গুৱাহাটী, 7 নৱেম্বৰ: ৰাজ্যৰ ৰাজধানীতে সুৰক্ষিত নহয় মহিলা । চৰকাৰে নাৰী সুৰক্ষাৰ কথা যিমানে কৈ থাকিলেও নাৰী সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীত । দৈনিক নাৰীৰ বিৰুদ্ধে সংঘটিত হৈ আছে বিভিন্ন অপৰাধমূলক ঘটনা । মহানগৰীৰ ৰাজপথত অকলে খোজ কাঢ়োতে সুৰক্ষিত নহয় মহিলাসকল(Women in Guwahati are not safe) । তেনে এক ঘটনা পুনৰ সোমবাৰে সংঘটিত হৈছে মহানগৰীত ।

সোমবাৰে পুৱা প্ৰায় ৬ বজাত পিষ্টল দেখুৱাই দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা লুটি লৈ যায় সোণৰ চেইন (Miscreants snatch women gold chain) । প্ৰাতঃভ্ৰমণলৈ অহা প্ৰীতি শৰ্মা নামৰ মহিলা গৰাকীৰ পৰা বাইকেৰে অহা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন । মহানগৰীৰ গুৱাহাটী ক্লাৱৰ জে বি লেন পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।

জানিব পৰা মতে মহিলা গৰাকীয়ে আন দিনৰ দৰে আজি পুৱা প্ৰায় ৬ মান বজাত পল্টন বজাৰৰ পৰা গুৱাহাটী ক্লাৱৰ দিশে প্ৰাত ভ্ৰমণৰ বাবে আহিছিল (Miscreants snatch chain from women) ।

গুৱাহাটী ক্লাৱৰ জে বি লেন পথত বাইকেৰে অহা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন (Robbery by showing pistol) । এইদৰে পকেটত মাৰণাস্ত্ৰ লৈ মহানগৰীত ঘূৰিছে চিলনী চোৰৰ চক্ৰ । চক্ৰটোৱে টাৰ্গেট কৰি লৈছে প্ৰাতঃভ্ৰমণলৈ যোৱা যুৱতী-মহিলাক । ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে লতাশিল থানাত দাখিল কৰিছে এখন এজাহাৰ (Latasil Police station) ।

আনহাতে, এনে ঘটনা পুনৰ সংঘটিত হয় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত । সন্তানক স্কুলত থবলৈ যাওঁতে সংঘটিত হৈছিল এই ঘটনা । পিষ্টল দেখুৱাই, ৰীতা কলিতা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন (Chain Snatching in Guwahati)। দুৰ্বৃত্তৰ হাতত পিষ্টলৰ লগতে আছিল চোকা মাৰণাস্ত্ৰও ।

বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিয়ে সোণৰ চেইন । CCTV কেমেৰাত বন্দী হৈছে দুই দুৰ্বৃত্তৰ অহা যোৱা কৰি থকাৰ দৃশ্য(Dispur Police) । ইফালে দিছপুৰ থানাত CCTV কেমেৰাৰ ফুতেজ আৰক্ষীক ভুক্তভোগীয়ে জমা দিছে যদিও এতিয়াও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই দিছপুৰ আৰক্ষীয়ে । দিন দুপৰতে মহানগৰীত সংঘটিত হোৱা এই ঘটনাই উদঙাইছে আৰক্ষীৰ ব্যৰ্থতা ।

লগতে পঢ়ক: Suspicion of witchcraft: ডাইনীৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.