ৰঙিয়া , 1 নৱেম্বৰ : ৰঙিয়াত এদিনতে দুটা ডকাইতিৰ ঘটনা ৷ ৰঙিয়াৰ মিলনপুৰত ৰাস্তাৰে গৈ থকা অৱস্থাত জুৰি দেৱী নামৰ মহিলা এগৰাকীৰ ডিঙিৰ পৰা দুই দুৰ্বৃত্তই সোণৰ চেইন কাঢ়িলে নিয়া ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
পালচাৰ বাইকত অহা চিলনী চোৰ দুটাই মহিলাগৰাকীৰ পৰা চেইনডাল কাঢ়িয়ে পলায়ন কৰে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে । এই ঘটনাৰ কিছুসময় পিছতে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত পুনৰ এগৰাকী মহিলাৰ সোণৰ চেইন কাঢ়ি নিলে দুই দুৰ্বৃত্তই । ইপিনে চলন্ত স্কুটীখনৰ পৰা মহিলাৰ চেইন কাঢ়ি নিয়াৰ ফলত স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে। যাৰ ফলত স্কুটীখনত থকা মহিলাগৰাকীৰ লগতে স্কুটী আৰোহী যুৱক আৰু এটি শিশু গুৰুতৰভাবে আহত হয়। ইয়াৰ পাচতেই স্থানীয় ৰাইজে তিনিওগৰাকীকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় ৷
লগতে পঢ়ক:পলুৱামা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ