ETV Bharat / state

Child labour torture in Guwahati : বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰী লগাই ৰঙাঘৰত অধ্যাপিকা

গাত গৰম ইস্ত্ৰী লগাই বনকৰা নাবালিকাক অত্যাচাৰ কৰাৰ অভিযোগ অধ্যাপিকা ড৹ ছাবিনা লাংথাছাই আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে ৷ ইতিমধ্যে নিৰ্যাতিত বনকৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে আৰক্ষী আৰু উদ্ধাৰকাৰী সংস্থাই ৷ লগতে ঘটনা সন্দৰ্ভত আটক কৰিছে ড৹ ছাবিনা লাংথাছাই আৰু তেওঁৰ স্বামীক ৷

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 12:21 PM IST

Child labour torture in Guwahati
বনকৰা নাবালিকাক নিৰ্যাতন

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ কৰ্মকাণ্ডৰ কথা আজিও সকলোৰে মানসপটত ভাহি আছে ৷ আভিজাত্য মহানগৰীত বনকৰা শিশু বা কিশোৰ-কিশোৰী ৰাখি মাৰধৰ কৰাটো যেন সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ এইবাৰ পুনৰ ৰাজধানী গুৱাহাটী মহানগৰীত সংঘটিত হোৱা বনকৰা নাবালিকাক নিৰ্যাতন কৰা ঘটনা এটি পোহৰলৈ আহিছে । স্থান ভগদত্তপুৰৰ পিয়া এক্সটিকা এপার্টমেন্ট ।

এই এপার্টমেণ্টটোত থকা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ছাবিনা লাংথাছাই নিজ ঘৰত বনকৰা হিচাবে ৰাখিছে এগৰাকী 10 বছৰীয়া নাবালিকাক ৷ দীৰ্ঘদিন ধৰি এই বনকৰা নাবালিকাগৰাকীক অকথ্য নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অধ্যাপিকা ড৹ ছাবিনা লাংথাছাইৰ বিৰুদ্ধে ।

এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাচতে ভগদত্তপুৰ আৰক্ষীয়ে নিৰ্যাতনৰ বলি হোৱা নাবালিকাগৰাকীক উক্ত ফ্লেটটোৰ পৰা উদ্ধাৰ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত অধ্যাপিকাগৰাকীকো আৰক্ষীয়ে আটক কৰে । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা অধ্যাপিকাগৰাকীয়ে বনকৰা নাবালিকাগৰাকীক মাৰধৰ কৰি অমানৱীয় অত্যাচাৰ চলাই আহিছিল ।

আনকি গাত গৰম ইস্ত্ৰী লগাই অমানুষিক নির্যাতন চলোৱাৰ অভিযোগ অধ্যাপিকা ড৹ ছাবিনা লাংথাছাই আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে ৷ এইবোৰৰ উপৰিও বনকৰা নাবালিকাগৰাকীক বিগত দুদিন ধৰি খাবলৈ একোৱে দিয়া নাছিল । এই কথা গম পাই ফ্লেটটোৰ স্থানীয় আবাসীসকলে আৰক্ষীক খবৰ দিয়ে ।

এই খবৰৰ ভিত্তিতে ভগদত্তপুৰ আৰক্ষীয়ে শুকুৰবাৰে আছাম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেলপমেণ্ট আৰু চাইল্ড ফ্ৰেইণ্ডলী গুৱাহাটীৰ সহযোগত অধ্যাপিকাগৰাকীৰ ঘৰত অভিযান চলায় । এই অভিযানত উদ্ধাৰকাৰী দুটা সংস্থাৰ বিষয়ববীয়া আৰু কৰ্মচাৰীয়ে নিৰ্যাতিত বনকৰা নাবালিকাগৰাকীক বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত নিৰ্যাতনকাৰীৰ বিৰুদ্ধে উক্ত দুই সংস্থাই ভগদত্তপুৰ আৰক্ষী চকীত দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধ্যাপিকাগৰাকীৰ লগতে তেওঁৰ স্বামীক আটক কৰে ৷ শেহতীয়া তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত সোধ-পোছ আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Army couple arrested: বনকৰা কিশোৰীক গৰম পানী ঢালি পাশৱিক অত্যাচাৰ সেনা বিষয়া আৰু পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.