ETV Bharat / state

Minor girl rape: ধৰ্ষণৰ দৃশ্য মোবাইল বন্দী কৰি কিশোৰীক ভাবুকি তিনি লম্পটৰ

মহানগৰীত পুনৰ দলবদ্ধ ধৰ্ষমৰ বলি এগৰাকী কিশোৰী ৷ কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু প্ৰহাৰৰ সমগ্ৰ দৃশ্য মোবাইল বন্দী কৰি ভাবুকি দিয়াৰ অভিযোগ তিনি অভিযুক্তৰ বিৰুদ্ধে । পাণবজাৰ আৰক্ষীয়ে তিনি লম্পটক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ন্যায়িক জিন্মালৈ ৷

Minor girl Rape accused Arrested in Guwahati
ধৰ্ষণৰ দৃশ্য মোবাইল বন্দী কৰি কিশোৰীক ভাবুকি তিনি লম্পটৰ
author img

By

Published : Jan 20, 2023, 8:02 PM IST

গুৱাহাটী, ২০ জানুৱাৰী: গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে নাবালিকাক ধৰ্ষণৰ এক ঘটনা(Minor girl rape in Guwahati) ৷ মহানগৰীত পুনৰ তিনি লম্পটৰ কামনাৰ বলি হ‘বলগীয়া হ’ল এগৰাকী কিশোৰী ৷ ভোগালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে এই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল যদিও কিছুদিন পলমকৈহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ সম্প্ৰতি পাণবজাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে তিনি লম্পটক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷

পাণবজাৰ আৰক্ষীয়ে আটক কৰা অভিযুক্ত তিনিটা ক্ৰমে বিকি সাহা (৩৫), বাপ্পা আলী(২০) আৰু বিতু বুলি চিনাক্ত কৰা হৈছে ৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে ১৭ জানুৱাৰীত পাণবজাৰ মহিলা আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ তদন্ত চলাই আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ১৪ জানুৱাৰীত অৰ্থাৎ ভোগালীৰ নিশা সংঘটিত হৈছিল এই জঘন্য ধৰ্ষণৰ ঘটনা(Rape cases in Assam) ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, মূল অভিযুক্ত বিতু নামৰ যুৱকজনৰ সৈতে ধীৰেনপাৰাৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ পূৰ্বৰে পৰা চিনা পৰিচয় আছিল । ১৪ জানুৱাৰীত বিতুৱে কিশোৰীগৰাকীক ফুৰাবলৈ লৈ যোৱাৰ উদ্দেশ্যৰে বৰ্ষাপাৰাৰ এটা ভাড়াঘৰলৈ লৈ গৈছিল । উক্ত ভাড়াঘৰটোত পূৰ্বৰে পৰা আছিল আন দুই ধৃত । কিশোৰীগৰাকী ভাড়াঘৰত প্ৰৱেশ কৰাৰ পিছতে তিনি লম্পটে দুৱাৰ বন্ধ কৰি তেওঁক ধৰ্ষণ আৰু শাৰীৰিক প্ৰহাৰ কৰি মোবাইলত সমগ্ৰ দৃশ্য বন্দী কৰিছিল(Minor girl rape case) ।

লগতে পঢ়ক: Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

ধৰ্ষণৰ পাছত তিনি অভিযুক্ত ক্ৰমে বিকি, বাপ্পা আৰু বিতুৱে কিশোৰীগৰাকীয়ে মুখ খুলিলে ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে । পিতৃহাৰা তথা মাতৃ মুম্বাইত থকা অসহায় কিশোৰীগৰাকীয়ে এই ঘটনাৰ তিনিদিনৰ পাছত এটা স্বেচ্ছাসেৱী সংগঠনৰ কাষ চাপিবলৈ সক্ষম হয় । ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

কিশোৰীগৰাকীৰ পৰা সকলো কথা জনাৰ পাছত স্বেচ্ছাসেৱী সংগঠনটোৱে নাবালিকাগৰাকীক ন্যায় দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ তেওঁলোকে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা ২০/২৩ নম্বৰত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Minor girl Rape accused Arrested in Guwahati) ৷

লগতে পঢ়ক: Arnamai Bora murder case: অর্ণমাই বৰা হত্যাকাণ্ডৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.