ETV Bharat / state

Aimee Baruah: পবিত্ৰ ব’লব’মৰ যাত্ৰীক খাদ্য বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱাৰ - শাওণ মাহ

নিশাৰ মহানগৰীত অন্য ৰূপত মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱা। পুত্ৰ-কন্যাক লগত লৈ পবিত্ৰ ব’লব’মৰ যাত্ৰীৰ মাজত বিতৰণ কৰিলে খাদ্য।

Ministers Pijush Hazarika and Aimee Baruah distribute food to pilgrims of Bolbom
অন্য ৰূপত মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱা
author img

By

Published : Aug 7, 2023, 3:21 PM IST

অন্য ৰূপত মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱা

গুৱাহাটী, 7 আগষ্ট: হিন্দু ধৰ্মত শাওণ মাহক শুভ মাহ বুলি গণ্য কৰা হয় ৷ এই পবিত্ৰ মাহত ভক্তসকলে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰে । কেৱল ইমানেই নহয়, শাওণ মাহৰ প্ৰত্যেক সোমবাৰে ব্ৰত পালন কৰে ৷ লগতে শাওন মাহত আৰম্ভ হয় পবিত্ৰ ব’লব’মৰ যাত্ৰা ৷ শেহতীয়াকৈ ব’লব’মৰ যাত্ৰা উপলক্ষে মন্ত্ৰী পীযুষ হাজৰীকা আৰু অভিনেত্ৰী আইমী বৰুৱাক দেখা গ’ল অন্য এক ৰূপত।

পুত্ৰ-কন্যাক লগত লৈ পবিত্ৰ ব’লব’মৰ যাত্ৰীক খাদ্য বিতৰণ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱাই। লাষ্ট গেটত ব’লব’ম যাত্ৰালৈ ওলোৱা দৰ্শনাৰ্থীৰ মাজত বিতৰণ কৰে খিচিৰি আৰু পানী বিতৰণ। প্ৰায় শতাধিক লোকৰ মাজত খাদ্য বিতৰণ অভিনেত্ৰীগৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱাৰ এই পদক্ষেপত উৎফুল্লিত ব’লব’ম যাত্ৰীসকল ৷

প্রিয় অভিনেত্ৰীগৰাকীক ওচৰত পাই চেলফিও উঠিলে বহুজনে । উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি এনেদৰে ব’লব’মৰ যাত্ৰী সকলৰ মাজত খাদ্য বিতৰণৰ কৰি আহিছে মন্ত্ৰী পীযুষ হাজৰীকা আৰু অভিনেত্ৰী আইমী বৰুৱাই ।

উল্লেখযোগ্য যে শাওন মাহৰ প্ৰতিগৰাকী ভক্তই নিজৰ নিজৰ মনোকামনাৰে আশীষ বিচাৰিছে মহাপ্ৰভু শিৱৰ ওচৰত । শিৱ মহা পুৰাণ অনুসৰি শাওন মাহটো শিৱৰ জন্ম মাহ । সেয়েহে এই মাহৰ সোমবাৰে শিৱৰ শিৰত গাখীৰ আৰু পানীৰে অৱশেষ কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয় । হিন্দু কেলেণ্ডাৰ অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা ৰাখী পূৰ্ণিমালৈ সময়চোৱা শাওন মাহ । সেয়ে এইবৰ্ষত শাওন মাহ দুমাহ পৰিছে । শাওন মাহৰ সমান্তৰালকৈ আৰম্ভ হয় ব’লব’ম। ব’ল ব’ম উপলক্ষে শাওন মাহৰ প্ৰতিটো দেওবাৰে মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ পৰা পানী আনি শুক্ৰেশ্বৰ মন্দিৰৰ শিৱ লিংগত ঢালে ভক্তসকলে।

শাওণ মাহৰ এই দিনকেইটাত একান্ত মনেৰে ভগৱান শিৱক উপাসনা কৰা হয় । ইফালে অবিবাহিত মহিলাই প্ৰতি মঙলবাৰে মঙলা গৌৰী ব্ৰত পালন কৰে । আনহাতে যুৱতীসকলে নিজৰ পছন্দৰ স্বামী পাবলৈ ষোল্ল সোমবাৰৰ ব্ৰত পালন কৰে আৰু তেওঁলোকে ভগৱান শিৱৰ পৰা আশীৰ্বাদ বিচাৰে ।

লগতে পঢ়ক: Assamese Short film Yoddha: এজন বিশেষভাৱে সক্ষম যুৱকৰ জীৱন গাঁথাৰে নিৰ্মিত চুটিছবি যোদ্ধাৰ শুভ মুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.