গুৱাহাটী, 9 জুলাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ 'জল জীৱন মিছন'ৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PUBLIC HELTH DEPARTMENT) কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে এক সভাত মিলিত হয় । সভাত মিছনৰ অধীনত জিলা সমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় ।
গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে জিলা সমূহত জলজীৱন মিছনৰ (jal jiban mission) অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনি সমূহৰ কামকাজৰ বিষয়ে বিতংভাৱে বুজ লয় । জিলাসমূহত জলজীৱন মিছনৰ অধীনৰ আঁচনি তথা প্ৰকল্প সমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে মন্ত্ৰী দাসক সভাত কাৰ্যবাহী অভিযন্তা সকলে অৱগত কৰে ।
উল্লেখযোগ্য যে, জলজীৱন মিছনৰ অধীনত এতিয়ালৈ ৰাজ্যখনৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ পাইছে । চলিত জুলাই মাহৰ ভিতৰতে আৰু ৯০ হাজাৰটা পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিব । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ মাজত বিশুদ্ধ খোৱাপানীৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা ল'বলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে । সভাত মন্ত্ৰী গৰাকীয়ে আগন্তুক দিনত জলজীৱন মিছনৰ অধীনত ৰূপায়িত হ'বলগীয়া আঁচনি সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, আয়ুক্ত সচিব আকাশদ্বীপ আৰু মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস উপস্থিত আছিল।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা পুঁজি আৰু নাগৰিক সমাজৰ বৰঙণিৰে সমগ্ৰ দেশতে আৰম্ভ হোৱা জল জীৱন মিছনৰ কাম ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে অসমতো । এই অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বিপৰীতে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনি বিপৰীতে প্ৰশাসনিক অনুমোদন দিছে ।
এই ২১০৩ টা আঁচনিৰ বিপৰীতে বায় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা । ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা । ৰাজ্য চৰকাৰে খৰছ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা । অতি লক্ষণীয়ভাৱে এই খোৱা পানী যোগান আঁচনিৰ ৰূপায়নৰ বাবে নাগৰিক সমাজেও অৰিহণা আগবঢ়াব লাগিব । উল্লিখিত পৰিমানৰ ৰাজহুৱা পুঁজিৰ বিপৰীতে নাগৰিক সমাজৰ অৰিহণা নিৰ্ধাৰণ কৰা হৈছে ১৬৩৮৫.৭৮ লাখ টকা ৷
লগতে পঢ়কঃ মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ