ETV Bharat / state

Price hike in Assam: দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীৰ সুৰতে সুৰ মিলালে যোগান মন্ত্রীয়ে - মন্ত্ৰী ৰণজিৎ দাস

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক কোঙা হৈছে সাধাৰণ জনতা ৷ বৃহস্পতিবাৰৰ দিনটোত বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ দামবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় মন্ত্ৰী ৰণজিৎ দাসে ক’লে টিভিত ভাষণ দি থাকিলে লাভ নাই । তাৰ বাবে আমি নিজে ঘৰত অন্তত এপদ-দুপদ খেতি কৰিব লাগিব ৷

Price hike in Assam
Price hike in Assam
author img

By

Published : Aug 10, 2023, 5:32 PM IST

দামবৃদ্ধিৰ প্ৰসংগত কি ক’লে মন্ত্ৰী ৰণজিৎ দাসে ?

গুৱাহাটী,১০ আগষ্ট: নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় দামবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰণজিৎ কুমাৰ দাসে । উল্লেখ্য যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধিয়ে শেহতীয়াকৈ ৰাজ্য উত্তাল কৰি ৰ‍াখিছে ।

আজিৰ দিনটোতো কেইবাটাও দল-সংগঠনে দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সমালোচনা কৰিছে দামবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা চৰকাৰখনক । দামবৃদ্ধিৰ এনে এক অভাৱনীয় পৰিস্থিতিৰ মাজতে ৰাইজক আশ্বস্ত কৰাৰ বিপৰীতে মন্ত্রী ৰণজিৎ দাসে অসমীয়া লোকক কৃষি কাৰ্যত মনোনিবেশ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।

দামবৃদ্ধিৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কৰ্মসংস্কৃতি পাহৰি খেতি-বাতি আনক কৰিবলৈ এৰি দি দামবৃদ্ধিৰ ওপৰত আলোচনা-সমালোচনা কৰিলেই নহ'ব । উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শাক-পাচলিৰ দামবৃদ্ধি সন্দৰ্ভত ‘মিঞা’ লোকক দোষাৰোপ কৰি অসমীয়া মানুহক কাম কৰাৰ বাবে ওলাই অহাৰ আহ্বান জনাইছিল ।

অসমীয়া মানুহ ওলাই আহিলে গুৱাহাটীৰ সকলো পদপথ মিঞামুক্ত কৰি দিয়া হ'ব বুলিও সদৰী কৰিছিল । মুখ্যমন্ত্রীৰ সেই একেই সুৰত সুৰ মিলাই মন্ত্রীগৰাকীয়ে কয় যে দামবৃদ্ধিত আমিও উদ্বিগ্ন যদিও কথাবোৰ ভালদৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ।

দামবৃদ্ধিক লৈ মধ্যবিত্তৰ লোকসকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হোৱা সন্দৰ্ভত তেওঁ কয় যে এই কথা আমি অস্বীকাৰ কৰা নাই । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮৪ শতাংশ লোকে চাউল পায় যদিও আন আন সামগ্ৰীৰ কথা আছে । শাক-পাচলিৰ দাম বাঢ়িছে । বানপানীৰ সময়ত শাক-পাচলিৰ নাটনি হৈ পৰে । যাৰ ফলত স্বাভাৱিকতে শাক-পাচলিৰ অস্বাভাৱিক হাৰত দামবৃদ্ধি হৈছে ।

তেওঁ কয় যে সেইটোৰ পৰা সকাহ পাব লাগিলে টিভিত ভাষণ দি থাকিলে লাভ নাই । তাৰ বাবে আমি নিজে ঘৰত অন্তত এপদ-দুপদ খেতি কৰিব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে অসমীয়া বহু পৰিয়ালত জলকীয়া গছ এজোপাও দেখিবলৈ পোৱা নাযায় ।

নিজৰ পথাৰখন তথা বাৰীখন এৰি দিব নালাগে বুলি পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে আমি পুনৰ পথাৰলৈ যাব লাগিব আৰু পথাৰত গ’লেহে আগন্তুক দিনত বজাৰ পাম । তেওঁ অসমীয়া সমাজক ঘৰত খতি কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.