ETV Bharat / state

Pijush Hazarika on Bhupen Bora : APCC সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 2:25 PM IST

Updated : Oct 9, 2023, 2:31 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভূপেন বৰালৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে খোদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Amrit Kalash Yatra
কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ৯ অক্টোবৰ : শেহতীয়াভাৱে চৰকাৰৰ অমৃত কলহ কাৰ্যসূচীত কংগ্ৰেছ বিধায়কে যোগদান কৰাক লৈ সৃষ্টি হৈছিল বিতৰ্ক । ইয়াৰ পিচতে কংগ্ৰেছৰ বিধায়কক চৰকাৰৰ অনুষ্ঠানলৈ ভবিষ্যতে মাতিৱ লাগে নে নাই সেই সম্পৰ্কে পত্ৰ লিখিবলৈ নিৰ্দেশ দিছিল মন্ত্ৰী পীযুষ হাজৰীকা । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ দেওবাৰে পত্ৰ প্ৰেৰণ কৰে ‌।

ইয়াৰ পিচতে সোমবাৰে এক অনুষ্ঠানত অংশ লৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভূপেন বৰালৈ পত্ৰ লিখিছো । কংগ্ৰেছৰ বিধায়কক চৰকাৰৰ অনুষ্ঠানলৈ নমতাৰ অভিযোগ কৰে । কিন্তু চৰকাৰৰ অনুষ্ঠানলৈ মতাৰ বাবেই তেওঁলোকৰ মাজত এতিয়া বিশ্বযুদ্ধ পৰ্যায়ৰ ডাঙৰ যুদ্ধ চলিছে । আমাৰ ভয় লাগিছে, আমি তেওঁলোকক মাতি আকৌ তেওঁলোকৰ বিধায়কসকলক বিপদত পেলাইছো নেকি !’’

তেওঁ আৰু কয়, ‘‘আমি মাতিম, পাচত আকৌ বিধায়কসকলে ক’ব আমি যাব নোৱাৰিম বুলি তেতিয়া আমি লাজ পাম । সেইবাবেই পত্ৰ লিখি সুধিছো কংগ্ৰেছৰ বিধায়কসকল চৰকাৰী অনুষ্ঠানলৈ আহিব পাৰে নে নোৱাৰে ? আশা ৰাখিছো ভূপেন বৰাই পত্ৰখনৰ সদোত্তৰ দিব’’ । আনহাতে, ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, ‘‘ৰকিবুল হুছেইন কোনোকালে শাসনলৈ আহিব নোৱাৰে । তেখেত শাসনলৈ আহিলে দেখা যাব । তাৰ পাচত মুখ্যমন্ত্ৰী সন্দৰ্ভত কিবা ক’ব’’ । ইফালে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ ভৱনত তলা লগাই দিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত কংগ্ৰেছ বিধায়ক ৰকিবুল হুচেইনে ৰাজীৱ ভৱনত চকিদাৰৰ পোষ্ট খালি নাই বুলি মন্তব্য কৰিছিল । ৰকিবুল হুচেইনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, ‘‘ৰাজীৱ ভৱনৰ অৱস্থা খুব বেয়া । ৰাজীৱ ভৱনত এতিয়া কাজিয়া, বাক-বিতণ্ডা লগতে ইজনে সিজনক ছুৰী, দেগাৰ, খন্তি মাৰা-মাৰি হয় । গোৱালপাৰাত, কৰিমগঞ্জ, শিলচৰত মাৰপিট লগা সকলোৱে দেখিছে । অনবৰতে কাজিয়া পেচালত লিপ্ত হৈ থকা কংগ্ৰেছৰ লোকে শাসনলৈ আহি কেতিয়াও অসমক সু-শাসন দিব নোৱাৰিব।''

তেওঁ কয়, ‘‘আমাৰ অমৃত কলহ চলি আছে, কংগ্ৰেছ অন্তৰ্কলহত ধ্বংস হোৱাৰ উপক্ৰম হৈছে ৷ অমৃত কলহ এটা ইমান ধুনীয়া কাৰ্যসূচী যে অসমৰ প্ৰতিঘৰৰ মাটি দিল্লীৰ উদ্যানত থাকিব‌ । এয়া কোনো দলীয় স্বাৰ্থত কৰি থকা নাই । তাত আপত্তি কৰিবলগীয়া কিনো আছে’’ ৷

উল্লেখ্য যে, সোমবাৰে মহানগৰী ভেটাপাৰাত উন্নত আৰু অত্যাধুনিক সেৱাৰ এক ব্যক্তিগত খণ্ডৰ ডায়োষ্টিক প্ৰতিষ্ঠান শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । এই প্ৰতিষ্ঠানখনি মুকলি কৰি তেওঁ কয়, ‘‘ডামেষ্টিক চেন্টাৰটোৱে ৰাইজৰ বাবে শুভবার্তা কঢ়িয়াই আনিছে । বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ৰখা ২০% ৰেহাইৰ আঁচনিৰ বাবে ৰাইজৰ মাজত জনসমাদৃত হ’ব’’ ।

লগতে পঢ়ক : Ram Prasad Sharma Comment on BJP: দলে ঘৰ শত্ৰু বিভীষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ; আৰ পি শৰ্মা

Last Updated : Oct 9, 2023, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.